কলিয়াবৰ মহকুমাত ক’ভিড-১৯ ৰ চিকিৎসালয়ৰ ব্যৱস্থা
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ কলিয়াবৰ মহকুমাৰ জনসেৱাৰ স্বাৰ্থত আৰু ৰোগী চিকিৎসাৰ সু-ব্যৱস্থাৰ উদ্দেশ্যে কলিয়াবৰ মহকুমাৰ উলুৱনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰক মহকুমাটোৰ আছুতীয়া কভিড-১৯ ৰোগীৰ প্ৰাথমিক পৰীক্ষণৰ বাবে ঘোষণা কৰা হয় ।
অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি বিতোপন নেওগে কয় যে চিকিৎসালয়খনৰ বহিঃ বিভাগটো অন্যান্য ৰোগৰ চিকিৎসাৰ বাবে কুঁৱৰীটোল ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হৈছে । সেইদৰে কভিড-১৯ ৰ বাদে অন্য ৰোগৰ চিকিৎসাৰ বাবে জখলাবন্ধা খণ্ড প্ৰাথমিক চিকিৎসালয় তথা এফ আৰ ইউক মহকুমাটোৰ সাধাৰণ চিকিৎসালয় হিচাপে ঘোষণা ৰা হ’ল ।