নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীৰ কৰ্মশ্ৰী বঁটা লাভ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লিলৈ আগবঢ়োৱা হৈছে বঁটা। তেওঁক ২০১৯-২০ বৰ্ষৰ বাবে ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে মুখ্যমন্ত্ৰী বঁটা কৰ্মশ্ৰীৰে সন্মানিত কৰা হৈছে। উক্ত সময়ছোৱাত কীৰ্তি জল্লি হাইলাকান্দি জিলাৰ উপায়ুক্ত আছিল। উপায়ুক্ত জল্লিয়ে ৰাজ্য, কেন্দ্রীয় চৰকাৰৰ আঁচনি ৰূপায়নত দক্ষ আৰু স্বচ্ছতাৰে বাস্তবায়ন কৰিছিল তদুপৰি হাইলাকান্দিৰ উপায়ুক্ত হিচাপে কীৰ্তি জল্লিয়ে “ৰক্তহীনতা-মুক্ত হাইলাকান্দি” আঁচনি গ্ৰহণ কৰিছিল। হাইলাকান্দি জিলা জুৰি ৰক্তহীনতাৰ স্তৰ হ্ৰাস কৰিবলৈ ‘আমলা-গুৰ কেণ্ডি’ প্ৰকল্পটোৰ বাবে অসামান্য প্ৰচেষ্টাৰ বাবে ৰাজ্য চৰকাৰে তেওঁক এই সন্মান প্ৰদান কৰিব। কীৰ্তি জল্লিৰ উপৰিও কৰ্মশ্ৰী বঁটাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ সমিতিয়ে কৰ্মশ্ৰী বঁটা, ২০১৯ – ২০ ৰ বাবে আৰু ৪ জন আমোলাক বাছনি কৰিছে। তেওঁলোক হ’ল কোকৰাঝাৰৰ উপায়ুক্ত বৰ্নালী ডেকা, জিলা কুকুৰা পোলট্ৰি ফাৰ্ম জাপজাপকুচিৰ মেনেজাৰ ড০ অম্বিকা ডেকা, অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগ, এপিডিচিএলৰ এমডি তথা মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰক কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব।

You might also like