নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিডনীৰ জটিল ৰোগত আক্ৰান্ত বগীনদী দীৰ্ঘা পথাৰৰ দশম শ্ৰেণীৰ ছাত্ৰ

চিকিৎসা সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান পিতৃ-মাতৃৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ: কিডনীৰ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণিছে বগীনদী দীৰ্ঘা পথাৰৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই। অসুস্থ পুত্ৰক সুস্থ কৰিবলৈ চিকিৎসা কৰি কৰি সৰ্বস্বান্ত হৈ পৰা ছাত্ৰজনৰ পিতৃ-মাতৃয়ে উপায়ন্তৰ হৈ এতিয়া সহায় ভিক্ষা বিচাৰিছে ৰাজ্যৰ মানৱ দৰদী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰায় ৮ মাহ পুৰ্বে হঠাতে খোৱা বোৱা কৰিব নোৱাৰি অসুস্থ হৈ পৰা গাঁওখনৰ পূৰ্ণে সোণাৰ আৰু কমলা সোনাৰৰ একমাত্ৰ পুত্ৰ সন্তান তথা ২ নং লালপানী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ বিকু সোনাৰক কিডনীৰ জটিল ৰোগত আক্ৰান্ত হোৱা বুলি জানিব দিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে। ইয়াৰ লগতে প্ৰতি সপ্তাহত ডায়লাই’চিচ কৰাৰ লগতে কিডনী সংস্থাপনৰ নিদান দিছিল চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই। কিন্তু দৈনিক দিন মজুৰি কৰি পৰিয়াল পোহপাল দিয়া ছাত্ৰজনৰ পিতৃৰ বাবে নিজ সন্তানৰ ডায়লাই’চিচ কৰা অথবা কিডনীৰ সংস্থাপনৰ ব্যয়বহুল চিকিৎসা কৰোৱাটো সামৰ্থ্যৰ বাহিৰত। যদিও নিজৰ একমাত্ৰ পুত্ৰ সন্তানৰ মোহ এৰিব নোৱাৰি, নিজ সন্তানক লৈ দৰঙে দৰঙে ঘুৰি ফুৰিছে পুত্ৰক সুস্থ কৰি তুলিবলৈ। কিন্তু বহু ঠাইত বহু ধৰণৰ চিকিৎসা কৰিও একো সুফল নোপোৱাত, নিজৰ সন্তানক হেৰুৱাৰ বেদনাত দুখ-শোকত জৰ্জৰিত হৈ পৰা দুৰ্ভগীয়া ছাত্ৰজনৰ পিতৃ-মাতৃয়ে উপায়ন্তৰ হৈ নিজ সন্তানক সুস্থ কৰি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে।

You might also like