কৃষক সন্মান নিধি আঁচনিত কৃষি বিষয়াৰ দুর্নীতি
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ নগাঁও জিলাত প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্রত ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত হৈছে৷ একাংশ দুর্নীতিগ্রস্ত কৃষি বিষয়াই মধ্যভোগী দালাল, বেংকৰ একাংশ চি এছ পিৰ লগ লাগি এই অনিয়ম সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে৷ আঁচনিখনৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰিৰ বাবেই কৃষিপ্রধান জিলাখনৰ নব্বৈ শতাংশ প্রকৃত কৃষকেই এই অভিলাষী আঁচনিখনৰ সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷
প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিখনৰ বিপৰীতে নগাঁও জিলাৰ সাতটা ৰাজহ চক্র ক্রমে ধিং, ৰূপহী, চামগুৰি, নগাঁও সদৰ, ৰহা, কামপুৰ আৰু কলিয়াবৰত মুঠ ২ লাখ ৭৯ হাজাৰ লোকে আবেদন জনাইছিল৷ ইয়াৰে সংশ্লিষ্ট ৰাজহ চক্রৰ চক্র বিষয়াৰ অনুমোদন ক্রমে নগাঁৱত কৃষক সন্মান নিধি আঁচনিত কৃষি বিষয়াৰ দুর্নীতি সেই সময়ৰ নগাঁও জিলা কৃষি বিষয়াই ১ লাখ ৭৩ হাজাৰ ৯০০গৰাকী কৃষকৰ নাম অনলাইন ব্যৱস্থাৰে পঞ্জীয়ন কৰিছিল৷ অৱশ্যে পিছলৈ পঞ্জীভুক্ত কৃষকৰ সংখ্যা ১ লাখ ৭৩ হাজাৰ ১০২জনলৈ হ্রাস পায়৷
কৃষি বিভাগৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি, নগাঁও জিলাত প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা ১,৭৩,১০২গৰাকী৷ অথচ আঁচনিখনৰ প্রথম কিস্তিৰ ধন ১,৭৩,৫৫৯গৰাকী কৃষকক, দ্বিতীয় কিস্তিত ১,৭৩,৪৯১গৰাকীক, তৃতীয় কিস্তিত ১,৭৩,৪৩২গৰাকী কৃষকক আদায় দিয়া হৈছে বুলি বিভাগটোৰ তথ্যত উল্লেখ আছে৷ কৃষি বিভাগৰেই তথ্য অনুসৰি জিলাখনত নাম পঞ্জীভুক্ত মুঠ হিতাধিকাৰীৰ সংখ্যাৰ বিপৰীতে প্রথম কিস্তিত ৭৮৯গৰাকীক, দ্বিতীয় কিস্তিত ৩৮৯গৰাকীক আৰু তৃতীয় কিস্তিত ৩৩০গৰাকী লোকক বেছিকৈ আঁচনিখনৰ ধন তেওঁলোকৰ বেংক একাউণ্টত সুমুৱাই দিয়া হৈছিল৷
যিটো অতি ৰহস্যজনক বিষয়৷ ইপিনে, চতুর্থ কিস্তিত ১,৬৯,১৬গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত ধন জমা দিয়াৰ বিপৰীতে পঞ্চম কিস্তিত প্রায় ৭০ হাজাৰ কৃষকৰ বেংক একাউণ্টতহে ধন জমা দিয়া হয়৷ প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ নামত সংঘটিত দুর্নীতি সন্দর্ভত বিভিন্ন অভিযোগ উত্থাপিত হোৱাত চৰকাৰে ঘোষণা কৰা তদন্ত নগাঁও জিলাতো অব্যাহত আছে৷ নগাঁও জিলা কৃষি বিভাগৰ এক সূত্রৰ পৰা জানিব পৰা মতে, নগাঁও জিলাত প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ বাবে মুঠ ২ লাখ ৭৯জন লোকে আবেদন কৰিছিল৷
ইয়াৰে ১ লাখ ৭৩ হাজাৰ ১০২জনৰ নামহে পঞ্জীভুক্ত কৰা হয়৷ কিন্তু ৰাজ্য চৰকাৰৰ নির্দেশ অনুসৰি নগাঁও জিলা কৃষি বিভাগে এই হিতাধিকাৰীসকলৰ সত্য–সত্যতাৰ পৰীক্ষণৰ কাম যোৱা মে’ মাহতেই আৰম্ভ কৰিছিল যদিও এতিয়াও সেই কাম সম্পূর্ণ হোৱা নাই৷ এতিয়াও জিলাখনৰ ২২টা কৃষি উন্নয়ন চক্রৰ ভিতৰৰ কেইবাটাও কৃষি উন্নয়ন চক্রৰ হিতাধিকাৰীৰ পৰীক্ষণৰ কাম সম্পূর্ণ হ’বলৈ বাকী আছে৷ কিন্তু এইপর্যন্ত প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ বাবে জিলাখনৰ নাম পঞ্জীভুক্ত কৰা লোকসকলৰ ভিতৰৰ বহুসংখ্যক ভুৱা কৃষক ওলাইছে৷
কিন্তু নগাঁও জিলা কৃষি বিভাগৰ এই তথ্য মানি ল’ব খোজা নাই জিলাখনৰ বঞ্চিত প্রকৃত কৃষকসকলে৷ বঞ্চিত প্রকৃত কৃষকসকলে দাবী কৰা অনুসৰি নগাঁও জিলাত প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ বাবে নাম পঞ্জীয়ন কৰা মুঠ লোকৰ ভিতৰৰ আশী শতাংশই অযোগ্য কৃষক৷ জিলা কৃষি বিভাগৰ সূত্রই জনোৱা মতে, অযোগ্য কৃষকৰ সংখ্যা ৫০ শতাংশৰো অধিক হ’ব৷ ইপিনে, জিলাখনৰ বিভিন্ন প্রান্তৰ কেইজনমান ভুৱা আৰু অযোগ্য হিতাধিকাৰীয়ে পি এম কে ৱাইৰ ধনৰ ১ লাখ ৮০ হাজাৰ টকা ঘূৰাই দিয়া বুলিও কৃষি বিভাগৰ সূত্রই প্রকাশ কৰে৷ কৃষি বিভাগৰ সূত্রই জনোৱা মতে, যিসকল অযোগ্য কৃষকে এতিয়াও এই আঁচনিৰ ধন ঘূৰাই দিয়া নাই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি জিলা কৃষি বিভাগে জানিবলৈ দিয়ে৷