কৃষ্ণাইত কৃষি বিভাগৰ টোগলকী কাণ্ডঃ কৃষকে নাপালে, গৰুৱে খালে চৰকাৰী কঠীয়া
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ বানত ক্ষতিগ্রস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে গোৱালপাৰা জিলাৰ কৃষ্ণাইত জিলা কৃষি বিভাগে সিঁচা কঠীয়া এতিয়া গৰুৰ খাদ্যত পৰিণত হৈছে৷ জানিব পৰা মতে, গোৱালপাৰা কৃষি বিভাগে RKVY ২০২১–২২’ আঁচনিৰ অধীনত কেইবালাখ টকা ব্যয় কৰি কৃষ্ণাইৰ কৃষি পামৰ ৪১.৫ হেক্টৰ ভূমিত কঠীয়া সিঁচিছিল৷ বিভাগৰ উদ্দেশ্য আছিল জিলাখনৰ বানপীডিত কৃষকক সকাহ দিবলৈ যোগান ধৰা হ’ব এই কঠীয়া৷ যোৱা জুলাই মাহতে সম্পূর্ণ জাকজমকতাৰে দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বর্গীয়াৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল এই আঁচনিৰ৷ এই কঠীয়া ১০/১৫ দিন পানীৰ তলত থাকিলেও নষ্ট নহয়৷ পিছে বিধায়কে সিঁচা সেই কঠীয়া এতিয়া খাই তহিলং কৰিছে গৰুৱে৷ অধিকাংশ কঠীয়াই সময়ত কৃষকক যোগান ধৰা নহ’ল৷ এতিয়া চৰকাৰী ধানৰ কঠীয়া হৈ পৰিছে কেৱল গৰুৰ খাদ্য৷ কৃষকৰ ওচৰ নাপালে কঠীয়াবোৰ৷ জুলাইত একাঁঠু বোকাত নামি দুধনৈ সমষ্টিৰ বিধায়কগৰাকীয়ে সিঁচিছিল বীজ৷ আশা কৰা হৈছিল কৃষক এই কঠীয়াৰে লাভৱান্বিত হ’ব৷ কিন্তু কৃষকৰ বিপৰীতে লাভৱান্বিত হ’ল পথাৰৰ গৰু৷ শান্তিৰে উদৰ পূৰাই খাইছে চৰকাৰী ধানৰ কঠীয়া৷ এতিয়া প্রশ্ণ হয়– কাৰ ভুলৰ বাবে এনেদৰে চৰকাৰী ধনৰ শ্রাদ্ধ পতা হ’ল? বহু টকা ব্যয় কৰি গৰুৰ বাবেহে কঠীয়া সিঁচা হৈছিল নেকি? ইফালে, কৃষি বিভাগৰ এই কর্মকাণ্ডক লৈ জিলাখনৰ বন্যার্ত কৃষকসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷