নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়াকুছিত এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত স্কিল ড্ৰাইভিং ট্ৰেইনিং প্ৰোগ্ৰেম কেন্দ্ৰৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছিত অাজি বৃহত্তৰ অঞ্চলটোৰ স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত স্কিল ড্ৰাইভিং ট্ৰেইনিং প্ৰোগ্ৰেম কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস, ডিটিঅ’ অপুৰ্ব কুমাৰ দাস আৰু পাকাবেতবাৰী আঞ্চলিক পঞ্চায়ত সভাপতি আবুল হুছেইনে উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি বৰ্তমান অসম চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে স্কিল প্ৰোগ্ৰেমৰ জৰিয়তে দুচকীয়া আৰু চাৰিচকীয়া বাহন চালক সকলে বাহন চলোৱাৰ সময়ত কি কি নিয়ম মানি চলিলে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি তাৰ কাৰণে এই ব্যাৱস্থা গ্ৰহণ কৰা ভাষণঁ প্ৰসংগত উল্লেখ কৰে। আনকি অসমৰ প্ৰত্যেকটো বিধান সভা সমষ্টিত এখনকৈ ট্ৰেইনিং প্ৰোগ্ৰেম কেন্দ্ৰ দিয়া বুলিও মতপোষণ কৰে। স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান এছিয়ান মিছন ইনষ্টিটিউটৰ সহায়ক ছাদ্দাম হুছেইনে অাঁত ধৰা উক্ত অনুষ্ঠানত বহুকেইজন প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। পিছে উদ্যোগক্তা সকলে জানিবলৈ দিয়া মতে প্ৰত্যেকজন প্ৰশিৰ্থীক ৪৫ দিনৰ ভিতৰত এজন ভাল চালক তৈয়াৰ কৰাৰ ব্যাৱস্থা কৰা হব বুলি সদৰী কৰে।

You might also like