নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক লৈ যোৰহাটৰ ‘কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বল’ৰ ব্যতিক্রমী পদক্ষেপ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ সমগ্র বিশ্ব তথা ভাৰতবর্ষ আৰু অংগৰাজ্য অসমতো যেতিয়া ক’ৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, সেই সময়ত সকলোৱে ক’ৰোনাৰ বিপক্ষে যুদ্ধ আৰম্ভ কৰি নিজক সজাগ আৰু সুৰক্ষাৰ স্বার্থত ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছে৷ সেই সময়তে চিনামৰাস্থিত কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বলৰ যোৰহাট শাখাৰ উদ্যোগত কেইবাখনো গাঁও আৰু চাহ বাগানৰ লোকসকলৰ মাজত সজাগতাৰ উদ্দেশ্যে এক প্রচেষ্টা চলাইছে৷

মঙলবাৰে চিআইএছএফৰ বিষয়া তথা জোৱানসকলে চিনামৰা ইউনিটৰ সমীপৰে বাগমৰা গাঁৱৰ ২৫০টা পৰিয়ালক স্বাস্থ্যসন্মতভাৱে বনোৱা খাদ্য যোগান ধৰে৷ বিশেষকৈ সজাগতাক প্রাধান্য দি এই মহামাৰীৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি, সেই সম্পর্কে সুৰক্ষা বলৰ জোৱানসকলে নাটক আৰু গীতৰ মাজেদি ৰাইজৰ আগত দাঙি ধৰে৷ তদুপৰি কেনেদৰে সামাজিক দূৰত্ব বজাই ৰাখি থাকিব লাগে, প্রয়োজন নহ’লে ঘৰৰ ভিতৰতেই যে আবদ্ধ হৈ থাকিব লাগে আৰু চাবোনেৰে ২০ ছেকেণ্ডৰ মূৰে মূৰে হাত ধুব লাগে এই সকলো কথা সুন্দৰভাৱে বুজাই দিয়াৰ লগতে জোৱানসকলে সেয়া প্রদর্শনো কৰে৷ ইফালে তেওঁলোকক সম্পূর্ণ শৃংখলাবদ্ধভাৱে ৰন্ধন খাদ্য সামগ্রীও বিতৰণ কৰে জোৱানসকলে৷ লকডাউনৰ সময়ত উক্ত অঞ্চলৰ লোকসকলৰ যাতে ভাত ৰান্ধনীঘৰত তলা বন্ধ নহয়, সেই বাবে তেওঁলোকক এনেদৰেই ৰন্ধন খাদ্যসামগ্রী যোগান ধৰি সহায়ৰ হাত আগবঢ়োৱাৰ প্রতিশ্রুতিও প্রদান কৰে৷

You might also like