ক’ৰোনাতংকৰ মাজতে লেখাপানীত বোমাতংক
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ বৃহস্পতিবাৰে লেখাপানী আৰক্ষী থানাৰ অন্তর্গত পুৰণি লেখাপানী ৰে’ল ষ্টেচনৰ সমীপৰ ডাঙৰীয়া দলঙত সংস্থাপন কৰা এটা শক্তিশালী বোমা সেনাবাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বর্তমান বোমা উদ্ধাৰৰ ঘটনাটোৱে সমগ্র অঞ্চলটোতে তীব্র আতংকময় পৰিৱেশ সৃষ্টি কৰিছে৷
মন কৰিবলগীয়া যে লেখাপানী সেনা শিবিৰৰ পৰ মাত্র কেইমিটাৰমান দূৰত্বত অৱস্থিত দলংখনত দুষৃকতিকাৰীয়ে কেনেকৈ বোমা সংস্থাপন কৰিবলৈ সক্ষম হ’ল ই সকলোৰে বাবে ৰহস্যৰ কাৰণ হৈ পৰিছে৷তদুপৰি নিশা উদ্ধাৰ হোৱা এই বোমাটো সন্দর্ভত স্থানীয় আৰক্ষী থানাত পুৱালৈকে কোনোধৰণৰ সম্ভেদ নিদিয়াক লৈ স্থানীয় লোকসকলৰ মাজত আন এক সন্দেহ সৃষ্টি হৈছে৷ বর্তমান ঘটনাস্থলীত সেনাৰ বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ বোমাটো ৰাষ্ট্রীয় ঘাইপথৰ পৰা প্রায় পাঁচশ মিটাৰ নিলগত ধ্বংস কৰি এক নিশ্চিত বিপদৰ পৰা অঞ্চলবাসীক ৰক্ষা কৰে৷