ক’ৰোনাৰ বিৰুদ্ধে যুঁজত চৰকাৰৰ কাষত অনুষ্ঠান-প্ৰতিষ্ঠান
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ বাবে হোৱা অৰ্থনৈতিক প্ৰভাৱৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধিলৈ সঁহাৰি জনাইছে ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সমাজকৰ্মীয়ে ।
– ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন, অসমৰ কৰ্মচাৰী সন্থায়ো মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫০ হাজাৰ আৰু অসম আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকাৰ মুঠ এক লাখ টকা আগবঢ়ায় ।
– মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা সমিতিৰ পঞ্চাশ হাজাৰ টকা
– অসম আৰোগ্য নিধিলৈ বিলাসীপাৰা ঋষি এণ্টাৰপ্ৰাইজৰ এক লাখ টকা
– অসম আৰোগ্য নিধিলৈ অসম প্ৰকাশন পৰিষদৰ কৰ্মচাৰীৰ এদিনৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত
– আৰোগ্য নিধিলৈ নগাঁৱৰ মিছন স্কুল, চাৰ্চৰ অনুদান
-যুৱ ব্যৱসায়ী প্ৰৱেশ কাব্ৰাৰ অসম আৰোগ্য নিধিলৈ ২১ লাখ টকাৰ অনুদান