গেলা পানী সেৱনঃ শুৱালকুছিত এসপ্তাহে বন্ধ খোৱাপানী
নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ বস্ত্রনগৰী শুৱালকুছিবাসীৰ বিশুদ্ধ খোৱাপানীৰ সম্বল বৰলাহ গোটবদ্ধ পানী যোগান আঁচনি৷ উক্ত আঁচনিৰ অন্তর্গত প্রায় গাতে লাগি থকা একাধিক অঞ্চলৰ বাসিন্দাসকলে এসপ্তাহ ধৰি এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷
ঘটনাৰ বিৱৰণী অনুসৰি কৈৱর্তপাৰাৰ পৰা পানী যোগান আঁচনি হৈ পূব ফুলবাৰী অঞ্চললৈ ৰাজ্যৰ লোকনির্মাণ বিভাগে পথৰ দুয়োকাষে আৰ চি চি নর্দমা সংলগ্ণ পকী পথৰ কাম কৰি আছে৷ উক্ত নর্দমাৰ কামত বৃহত্তৰ পূব ফুলবাৰী, মধ্য ফুলবাৰী আৰু পশ্চিম ফুলবাৰী অঞ্চলৰ প্রায় সহস্রাধিক পৰিয়ালৰ বাবে পঠিওৱা বিশুদ্ধ খোৱাপানীৰ পাইপ জে চি বিৰ হাতোৰাত ছিগি যায়৷ ফলত উক্ত বৃহৎসংখ্যক বাসিন্দাই খোৱাপানীৰ পৰা আজি এসপ্তাহ ধৰি বঞ্চিত হৈ আহিছে৷ এছিয়াৰ সর্ববৃহৎ গ্রাম্য পানী যোগান আঁচনিৰ এডাল পাইপ ছিগাত বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সাত দিন লগা কার্যত ক্ষুব্ধ হৈছে গ্রাহকসকল৷
আনহাতে পানী বন্ধ সংক্রান্তত সংশ্লিষ্ট বিভাগৰ প্রতিক্রিয়া জানিব বিচৰাত লোকনির্মাণ বিভাগৰ ঠিকাদাৰলৈ বিষয়টো ঠেলি দায়সৰা কার্যই ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ যি সময়ত কেন্দ্র ৰাজ্য চৰকাৰে ‘ঘৰ ঘৰ টু জল জল’ আঁচনিৰে সকলোকে খোৱাপানী যোগানৰ ব্যৱস্থা কৰা বুলি জাহিৰ কৰিছে৷
বিপৰীতে ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ শুৱালকুছিত ৰাইজে গেলা পানী সেৱন কৰিব লগা হোৱা কার্যই সমষ্টিবাসীক স্তম্ভিত কৰি তুলিছে৷ শীঘ্রেই খোৱাপানীৰ সমস্যাটো দূৰ কৰাৰ বাবে ভুক্তভোগী ৰাইজে দাবী জনাইছে৷