নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত মানসিক ৰোগীৰ দেহত ক’ভিড–১৯ পজিটিভ

নিয়মীয়া বার্তা, ২৭মেঃ গোলাঘাট জিলাৰ বিভিন্ন ঠাইত কোৱাৰেণ্টাইনত থকা বহিঃৰাজ্যত কর্মৰত গোলাঘাটৰ লোকসকলৰ দেহত ভয়াৱহ ৰূপত ক’ভিড–১৯ ধাৰাবাহিকভাৱে ধৰা পৰাৰ পিছত আজি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মেডিচিন ৱার্ডত চিকিৎসাধীন হৈ থকা এজন মানসিক ৰোগীৰ দেহত ক’ভিড–১৯ ধৰা পৰাত চিকিৎসালয়খনৰ চিকিৎসক, স্বাস্থ্য কর্মীৰ মাজত হাহাকাৰ লাগে৷ উল্লেখ্য যে জিলাখনৰ কাছমাৰী অঞ্চলত ৰাইজে উদ্ধাৰ কৰা নাজিম নামৰ এজন প্রায় ৫৭ বছৰীয়া মানসিক ৰোগীক ২২ মে’ত অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ উক্ত ৰোগীগৰাকীয়ে আনকি নাজানে নিজৰ ঠিকনাও৷

চিকিৎসকসকলে তেওঁৰ চিকিৎসা কৰি লক্ষণৰ পৰা সন্দেহ হোৱাত ক’ৰোনা ভাইৰাছ পৰীক্ষাৰ বাবে ছোৱাব সংগ্রহ কৰাৰ পিছত আজি ফলাফলত ক’ভিড–১৯ পজিটিভ ধৰা পৰাত হাহাকাৰ লাগে৷ কিয়নো ৰোগীজনৰ সংস্পর্শলৈ আহিছিল কেইবাজনো চিকিৎসক, নার্ছ, স্বাস্থ্য কর্মীৰ লগতে মেডিচিন ৱার্ডটোত থকা আন ৰোগী আৰু ৰোগীৰ আত্মীয়ও৷ চিকিৎসালয় কর্তৃপক্ষই আজি লগে লগে উক্ত মেডিচিন ৱার্ডটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি ৱার্ডটোত থকা ২৩জন ৰোগী আৰু আত্মীয়ক ৱার্ডটোতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে৷

ইফালে মানসিক ৰোগীজনৰ চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক ক্রমে ডাঃ ৰবীন তামুলী, ডাঃ সুনীতা এক্কা, ডাঃ দীপক দত্ত, ডাঃ দিগন্ত দাস, ডাঃ বিপুল দাস, ডাঃ বিকাশ শর্মা, নার্ছ, চতুর্থ শ্রেণীৰ স্বাস্থ্য কর্মীসহ মুঠ ২০জনক হোম কোৱাৰেণ্টাইনত থকাৰ নির্দেশ দিয়ে অসামৰিক চিকিৎসালয় কর্তৃপক্ষই৷ বর্তমান গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীনস্থ ক’ভিড চিকিৎসালয়ত ৮৪জন ক’ভিড–১৯ আক্রান্ত ৰোগী চিকিৎসাধীন হৈ আছে৷ কিন্তু চিকিৎসালয়খনত ৰোগী ৰাখিবৰ বাবে আছে বিছনাৰ সংখ্যা ১২০খন৷ ইফালে বাছ, ৰে’ল আদিৰে প্রতিদিনেই গোলাঘাটলৈ আহিয়েই আছে বহিঃৰাজ্যত কর্মৰত লোকসকল৷ বর্তমান গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ শিক্ষা প্রতিষ্ঠান, বিবাহ ভৱন আদিত ৫৯১জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন আৰু ৫৩৯জন লোক হোম কোৱাৰেণ্টাইনত আছে৷ ক’ৰোনাক লৈ শেহতীয়াভাৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে গোলাঘাটত৷

You might also like