ঘৰৰ পকী মজিয়া–টাইলছ তিতিছে পানীতঃ আতংকিত হোৱাৰ কাৰণ নাই
নিয়মীয়া বাৰ্তা, ২১ মে: প্রকৃতিৰ ওচৰত মানৱ সভ্যতা চূডান্ত ৰূপে নতশিৰ হোৱাৰ দিনতে পুনৰ কালিৰ পৰা যোৰহাট তথা উজনি অসমত দেখা পোৱা গৈছে আন এক প্রাকৃতিক পৰিঘটনা যাক লৈ সৃষ্টি হৈছে তীব্র ৰহস্য৷ উজনি অসমৰ প্রায়বোৰ স্থানতে কালিৰে পৰা পকী ঘৰৰ মজিয়া টাইলছ ৱাল পানীত অস্বাভাৱিকভাৱে তিতি গৈছে৷ পৰিস্থিতি এনে পাইছে যে খালী ভৰিৰে খোজ দিয়াই অসম্ভৱ হৈ পৰিছে৷ গৃহস্থই ঘনে ঘনে মচিও তত পোৱা নাই৷ ফেন দিছে, খিৰিকী আদি খুলি দিয়াৰ পিছতো একেই অৱস্থা ঘৰসমূহৰ৷ পানী নির্গত হোৱাৰ বাবে কাপোৰ, মেট আদি পাৰি দিবলগীয়া হৈছে ঘৰসমূহত৷ অকল গ্রাউণ্ড ফ্ল’ৰেই নহয় প্রকাণ্ড ফ্লেটসমূহৰো একাংশৰ প্রথম আৰু দ্বিতীয় মহলালৈকে একেই অৱস্থা হোৱা পৰিলক্ষিত হয়৷ পানী দেখি আচৰিত হৈ পৰিছে গৃহস্থ৷ কিয় হৈছে, কি কথা গৃহস্থ আচৰিত৷ ইফালে ক্রমান্বয়ে সামাজিক মাধ্যমতো বিষয়টোক লৈ ব্যাপক চর্চা হৈছে৷ দীর্ঘদিনে গৃহ নির্মাণত জডিত যোৰহাটৰ বিশিষ্ট অভিযন্তা বিকাশ বৰদলৈয়ে এই অস্বাভাৱিক পৰিঘটনা সন্দর্ভত কয় যে অস্বাভাৱিকভাৱে বায়ুমণ্ডলৰ আর্দ্রতা বৃদ্ধি পাইছে৷ তেওঁ জনোৱা মতে, আজি ৯০ শতাংশ পর্যন্ত আর্দ্রতা বৃদ্ধি পাইছে৷ পূর্বে মে’ মাহত আর্দ্রতা ৭০ শতাংশ মানৰ ভিতৰত থাকে আৰু পকী মজিয়া, টাইলছ আদিয়ে বায়ুমণ্ডলৰ পৰা পানী শুহি অনাৰ ফলতে এনে হৈছে৷ ৰ’দ দিলে এয়া নোহোৱা হ’ব৷ ইয়াক লৈ কোনো আতংকিত হোৱাৰ কাৰণ নাই৷ কিন্তু আর্দ্রতা ইমান বৃদ্ধি কিয় হৈছে, সেয়া বতৰ বিজ্ঞানীসকলে জানিব বুলি তেওঁ কয়৷ এই পৰিঘটনাৰ পিছতে এতিয়া বতৰ বিজ্ঞানীসকলে এই ঘটনাৰ প্রকৃত কাৰণ ব্যাখ্যা কৰাটো অতি প্রয়োজন হৈ পৰিছে৷ আন এজন বিজ্ঞানীৰ মতে, এয়া বতৰৰ অস্বাভাৱিক পৰিৱর্তন৷ গোলকীয় উষ্ণতা বৃদ্ধি, পাৰ হৈ যোৱা সাগৰীয় ধুমুহা আদিৰ প্রভাৱ পৰিছে৷ নেৰানেপেৰা বৰষুণ৷ গৰমৰ বতৰ৷ আকাশ ডাৱৰীয়া৷ জলীয় বাষ্প আকাশলৈ উৰিব পৰা নাই আদি বিভিন্ন কাৰকৰ বাবে আর্দ্রতা হঠাৎ বৃদ্ধি পাইছে৷ ফলত বিভিন্ন পৰিঘটনা দেখিবলৈ পোৱা যায়৷ এয়া কোনো ভয়–শংকাৰ কাৰণ নহয়৷
উজনি অসমৰ লগতে শিৱসাগৰ জিলাতো ঘৰৰ মজিয়াত অস্বাভাৱিক দৃশ্যঃ ভূ–তত্ত্ববিদে আগবঢ়াইছে বিজ্ঞানভিত্তিক কাৰণ
বিগত প্রায় ৯৬ ঘণ্টা ধৰি অবিৰতভাৱে দি থকা দোপালপিটা বৰষুণজাকৰ মাজতেই ডজনিৰ আন স্থানৰ লগতে শিৱসাগৰ জিলাতো পকী ঘৰৰ শুকান মজিয়া তিতি ডঠাৰ দৰে অস্বাভাৱিক দৃশ্য পৰিলক্ষিত হোৱাৰ পিছতেই সাধাৰণ ৰাইজৰ মাজত তুমুল কৌতূহলৰ সৃষ্টি হোৱাৰ লগতে আতংকয়ো বিৰাজ কৰিছে৷ কালি বিয়লিৰ পৰাই ডজনিৰ আন স্থানৰ লগতে শিৱসাগৰ জিলাৰ হাজাৰ হাজাৰ পৰিয়ালত এই অস্বাভাৱিক দৃশ্য পৰিলক্ষিত হোৱাৰ পিছতেই ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সূচনা হয়৷ বিজ্ঞানসন্মত কোনো কাৰক ডলিয়াব নোৱাৰি সাধাৰণ ৰাইজে এয়া কোনো প্রাকৃতিক দুর্যোগৰ আগমন বুলিয়েই ভাবিবলৈ বাধ্য হয়৷ জানিব পৰা মতে, মহামাৰীৰ আতংক, ধাৰাবাহিক ভূঁইকঁপৰ জোকাৰণি আৰু হঠাৎ এটা সপ্তাহ ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ মাজতেই সাধাৰণ ৰাইজক সর্বাধিক আতংকগ্রস্ত কৰি তোলা কাৰণটোৱেই হৈছে পকী ঘৰৰ মজিয়া তিতি ডঠা৷ জিলাখনৰ বিভিন্ন প্রান্তৰ পৰা জানিবলৈ দিয়া মতে অসম আর্হি অথবা আৰচিচি ঘৰৰ প্রতিখন পকী মজিয়াই সেমেকি ডঠা বা তিতি থকা পৰিলক্ষিত হৈছে৷ আন নালাগে টাইলছ, মার্বল পাথৰ লগোৱা বাসগৃহসমূহতো একেই পৰিৱেশ বিৰাজ কৰাৰ পিছতেই সাধাৰণ ৰাইজৰ মাজত এয়া কোনো প্রাকৃতিক দুর্যোগৰ আগজাননী বুলি চর্চা আৰম্ভ হয়৷ কিন্তু ইয়াৰ মাজতেই শিৱসাগৰৰ বহুকেইগৰাকী জ্যেষ্ঠ ভূ–তত্ত্ববিদে এয়া কোনো প্রাকৃতিক দুর্যোগৰ কাৰণ নহয় বুলি স্পষ্ট কৰি দিয়াৰ লগতে বিজ্ঞানভিত্তিক বিশ্লেষণেৰে ৰাইজক আতংকগ্রস্ত নহ’বলৈ আহ্বান জনায়৷ কেইবাগৰাকীও জ্যেষ্ঠ ভূ–তত্ত্ববিদে এয়া পৰিৱেশ আৰু বতৰ পৰিৱর্তনৰ এক পার্শ্বক্রিয়া বুলি মত প্রকাশ কৰিছে৷ জ্যেষ্ঠ ভূ–তত্ত্ববিদকেইগৰা জানিবলৈ দিয়া মতে, বহুদিন ধৰি ডজনি অসমৰ লগতে আন স্থানত বৰষুণৰ আগমন ঘটা নাছিল৷ কিন্তু হঠাৎ একেৰাহে বৰষুণ দি থকাৰ কাৰণে চৌপাশৰ তাপমাত্রা বিগত প্রায় এটা সপ্তাহ ধৰি যথেষ্ট কম হৈ গৈছিল৷ কিন্তু আজি দুপৰীয়া প্রায় ১১ মান বজাৰ পৰা বাহিৰত হঠাৎ প্রখৰ ৰ’দ দিয়াৰ বাবে তাপমাত্রা বেছি হৈ গ’ল আৰু সেই গৰম আর্দ্র বতাহ চেঁচা মজিয়াখনত লাগি যোৱাৰ কাৰণে বায়ুখিনি ঘর্ণীভৱন হৈ তাত থকা জলীয় বাষ্পখিনিয়ে পানীৰ ৰূপ ল’লে আৰু যাৰ বাবে মজিয়াখন এনে ধৰণে অস্বাভাৱিকভাৱে তিতি যোৱা পৰিলক্ষিত হৈছে বুলি ব্যাখ্যা আগবঢ়াইছে৷ আন নালাগে এয়া সকলো বতৰৰ প্রভাৱ বুলি জানিবলৈ দিয়াৰ লগতে ধাৰাসাৰ বৰষুণ হৈ থকাৰ পৰিপ্রেক্ষিতত মেঘে সূর্যৰ তাপ আহিব দিয়া নাই আৰু বায়ুমণ্ডল ঠাণ্ডা হৈ থকাত বায়ুত আর্দ্রতা বৃদ্ধি হৈছে৷ যাৰ পৰিপ্রেক্ষিতত এনে অস্বাভাৱিক দৃশ্য ঘৰে ঘৰে পৰিলক্ষিত হোৱা বুলি বিজ্ঞানভিত্তিক ব্যাখ্যা আগবঢ়াই জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনায়৷