নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰৰ পৰা ৫ টা অক্সিজেন চিলিণ্ডাৰ চুৰিঃ থানাত গোচৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ বঙাইগাও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা নিশা এক চুৰিকাণ্ড সংঘটিত হয় । স্বাস্থ্য কেন্দ্ৰটোৰ পৰা নিশা চোৰে ৫ টা অক্সিজেন চিলিণ্ডাৰ লুট কৰি নিয়ে। জানিব পৰা মতে আজি পুৱা স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী মজুত থকা কোঠাটোৰ দুৱাৰ খোলা প্ৰত্যক্ষ কৰি এজন স্বাস্থ্য কৰ্মীৰ সন্দেহ ওপজে । তেও কোঠাটোৰ বিভিন্ন সা-সামগ্ৰী সমুহ ভালদৰে পৰীক্ষা কৰাত অক্সিজেন চিলিণ্ডাৰৰ সংখ্যা পুৰ্বতকৈ কম প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া তথা আন কৰ্মচাৰী সকলক অৱগত কৰে । পিচত কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়াকে স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়া তথা স্বাস্থ্য কৰ্মী সকলে বিষয়টোৰ প্ৰাথমিক অনুসন্ধান কৰাত কোঠাটোৰ পৰা ৫ টা চিলিণ্ডাৰ চুৰি হোৱা বুলি নিশ্চিত হয় । লগে লগে ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

জানিব পৰা মতে, স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰসুতি বিভাগৰ ‘লেৱাৰ ৰুম’ৰ বাহিৰৰ দুৱাৰৰ তলা ভাঙি চোৰে ভিতৰত প্ৰৱেশ কৰি চিলিণ্ডাৰ কেইটা লৈ যায় । ঘটনা সন্দৰ্ভত স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়াই যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে অদ্যাপি চোৰৰ সন্ধান উলিয়াবলৈ সমৰ্থ হোৱা নাই।

You might also like