নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ শিক্ষিত যুৱক যোগেশৰ আধুনিক পদ্ধতিত মৎস্য পালনৰ পদক্ষেপ

নিয়মীয়া বাৰ্তা, ৩০ জুলাই: ৰাজ্যখনত একাংশ শিক্ষিত নিবনুৱাই চৰকাৰী সংস্থাপনৰ পৰা বিমুখ হৈ যিটো সময়ত হাহাকাৰ কৰিব লগা হৈছে ঠিক তেনে সময়তে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনি তিনিআলিৰ ব্ৰহ্মচাৰী সত্ৰৰ এজন শিক্ষিত নিবনুৱা যুৱকে আধুনিক পদ্ধতিৰ জড়িয়তে মৎস্য উৎপাদন কৰি স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি তোলাৰ লগতে নগাঁও জিলাৰ বহুকেইজন শিক্ষিত নিবনুৱা যুৱকক মৎস্য পালন কৰিবলৈ উৎসাহিত কৰিছে ৷

চামগুৰি সমষ্টিৰ অন্তৰ্গত নিজ ভেলেউগুৰি গাওঁ পঞ্চায়তৰ অধীনৰ ব্ৰহ্মচাৰী সত্ৰৰ নিবাসী যোগেশ শৰ্মা নামৰ নিবনুৱা যুৱক জনে বায়অ ফল্ক পদ্ধতি তথা অত্যাধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি মৎস্য উৎপাদনৰ এক অভিনৱ প্ৰচেষ্টাই স্থানীয় নিবনুৱা যুৱক সকলক আকৰ্ষিত কৰিছে ৷ পুখুৰী -বিল আদিত প্ৰাকৃতিকভাৱে পোৱা তথা কাৱৈ আৰু শিঙিমাছ পুখুৰীৰ বিপৰীতে আধুনিক কৌশল অৱলম্বন কৰি মৎস্যপালক যোগেশ শৰ্মাই নিজৰ লগতে আন বহুকেইজন যুৱকক স্বাৱলম্বী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ হাই ডেনচিটিভ বা তৰা পলিইথিলীন জাতীয় সামগ্ৰী ব্যৱহাৰ কৰি দহলিটাৰ হাজাৰ পানীধৰা দুটা সজা নিৰ্মাণ কৰি বৰ্তমান ছয় হাজাৰ কাৱৈমাছ আৰু শিঙিমাছ পালন কৰি আছে যোগেশ শৰ্মাই ৷ প্ৰথম ইন্দুনেছীয়াত আৰম্ভ হোৱা এই আধুনিক পদ্ধতিৰ মৎস্য পালনৰ সামগ্ৰী সমুহ বৰ্তমান অসমৰ বজাৰত উপলব্ধ বুলি যোগেশ শৰ্মাই জানিবলৈ দিয়ে ৷ৰাজ্য চৰকাৰৰ কোনো আচঁনিয়ে ধুকি নোপোৱা এইজন শিক্ষিত নিবনুৱা যুৱকে নিজা এক মাত্ৰ চেষ্টাত আধুনিক পদ্ধতিত মৎস্য পালন কৰি আহিছে যদিও বৰ্তমানলৈকে ৰাজ্য চৰকাৰৰ লগতে মীন বিভাগৰ ফালৰ পৰা কোনোধৰণৰ সহায় আৰু সহযোগ পোৱা নাই বুলি যোগেশ শৰ্মাই জানিবলৈ দিয়ে ৷

You might also like