চৰাইদেউত পুনৰ মাইক্র’ফাইনেন্স কোম্পানীৰ দৌৰাত্ম্য; কিস্তি বিচাৰি মহিলাক হাৰাশাস্তি
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ সমগ্র বিশ্বতে মহামাৰী ক’ৰোনা (ক’ভিড–১৯) ভাইৰাছে সন্ত্রাস সৃষ্টি কৰাৰ সময়তে দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ ফলত অর্থনীতিৰ ভেটি থৰক–বৰক হৈ পৰাৰ সন্ধিক্ষণত ভাৰতীয় ৰিজার্ভ বেংকে সকলোধৰণৰ ঋণৰ ক্ষেত্রত কিছু শিথিলতা কৰাৰ সময়তে উজনিত পুনৰ একাংশ মাইক্র’ফাইনেন্স কোম্পানীয়ে মহিলাসকলৰ মাজত ঋণৰ কিস্তি আদায় কৰাৰ নামত হাৰাশাস্তি কৰাৰ তথ্য পোহৰলৈ আহিছে৷
উল্লেখ্য যে কিছুমাহ পূর্বে মাইক্র’ ফাইনেন্স কোম্পানীবিলাকে ঋণ আদায়ৰ নামত উজনি–নামনিৰ মহিলাসকলক শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱা সম্পর্কত বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি প্রকাশ পোৱাৰ পিছত কোম্পানীবিলাকে কিছুদিনলৈ ঋণ আদায় স্থগিত ৰাখিছিল যদিও শেহতীয়াকৈ পুনৰ এই কোম্পানীয়ে ঋণ আদায়ৰ নামত মহিলাসকলক হাৰাশাস্তি কৰাৰ তথ্য পোহৰলৈ আহিছে৷
প্রাপ্ত তথ্য অনুসৰি, চৰাইদেউ জিলা মথুৰাপুৰস্থিত বন্ধন বেংকে কালিৰে পৰা পুনৰ মহিলাসকলক ঋণ আদায়ৰ নামত ঘৰে ঘৰে আহি বিভিন্ন ভয়–ভাবুকিৰে ধন আদায় কৰি আহিছে৷ বন্ধন বেংকৰ একাংশ কর্মচাৰীয়ে কালি জিলাখনৰ মাহমৰাৰ বৰচহকীত দুটা গোটৰ মহিলাৰ পৰা এনেদৰে ঋণৰ কিস্তি আদায় কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ প্রথম অৱস্থাত মহিলাসকলে ঋণৰ কিস্তি আদায় দিবলৈ অপ্রস্তুত হৈছিল যদিও মহিলাসকলে অভিযোগ কৰা অনুসৰি, বেংকৰ কর্মচাৰীয়ে বিভিন্ন ভাবুকিৰে ধন আদায় কৰে৷ কেৱল বন্ধন বেংকেই নহয়, মাহমৰাত বিভিন্ন মাইক্র’ফাইনেন্স কোম্পানীসমূহে শেহতীয়াকৈ অধিক পৰিমাণে সুদ বঢ়াই মহিলাসকলৰ পৰা ঋণ কিস্তি আদায় কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ কিন্তু শেহতীয়াকৈ দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ ফলত গাঁৱৰ গৰিষ্ঠসংখ্যক কৃষিজীৱী লোক কর্মহীন হৈ পৰাৰ পিছতো মাইক্র’ফাইনেন্স কোম্পানীসমূহে ঋণৰ কিস্তি আদায় কৰাৰ নামত মহিলাসকলক পুনৰ হাৰাশাস্তি কৰা ঘটনাই মাহমৰাৰ লগতে সমগ্র চৰাইদেউ জিলাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷