ছয়গাঁৱত পুনৰ ৬জনৰ দেহত COVID-19
নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ দেশত দ্ৰুতগতিত বাঢ়ি আছে কৰোনা আক্ৰান্ত লোক ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে আজি ছয়গাঁৱতো ছজন লোকৰ দেহত কভিড ১৯ পজিটিভ পোৱা গৈছে ৷ ইয়াৰে ভিতৰত তিনিগৰাকী আৰক্ষীৰ লোক,এগৰাকী স্বাস্থ্য কৰ্মী আৰু দুজন সাধাৰণ লোক ৷ জানিবপৰামতে যোৱা ৮ জুলাইত ছয়গাঁও আৰক্ষী থানাত প্ৰায় সকল লোকৰে স্বাৱ সংগ্ৰহ কৰা হৈছিল ৷ কিন্তু ইয়াৰ ভিতৰত মনোৰূপা চুতীয়া নামৰ এগৰাকী উপ পৰিদৰ্শক,হাবিলদাৰ নিতুল দাস আৰু গৃহৰক্ষী জোৱান জুৰণ আলীৰ আজি কভিদ পজিটিভ ৰিপ’ৰ্ট আহে ৷ আনহাতে মহিলা উপ পৰিদৰ্শক গৰাকী সন্তান সম্ভৱা হোৱা বাবে যোৱা কিছুদিন ধৰি তেওঁৰ লগত থকা স্বামীৰো স্বাৱ পৰীক্ষাৰ অন্তত আজি কভিদ ১৯ পজিটিভ ৰিপ’ৰ্ট আহে ৷ আনহাতে হায়দৰাবাদৰ পৰা আহি ছয়গাঁৱৰ চেণ্ট লুইজ বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা কালামুদ্দিন নামৰ লোকজনৰো আজি কভিদ ১৯ পজিটিভ ৰিপ’ৰ্ট আহে ৷ ইফালে উপৰহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য কৰ্মী হিচাপে কাম কৰা ছয়গাঁও মিলনপুৰৰ তপন ঠাকুৰীয়া নামৰ লোকজনৰ কিছুদিন পূৰ্বে স্বাৱ সংগ্ৰহ কৰা হৈছিল ৷ কিন্ত তেওঁৰো আজি পজিটিভ ৰিপ’ৰ্ট আহে ৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে স্বাৱ টেষ্টৰ ফলাফল নোলোৱাকৈ ৰাস্তা ঘাটে ঘূৰি ফুৰিছিল স্বাস্থ্য কৰ্মী তপন ঠাকুৰীয়াই ৷ আনকি আজি তেওঁলৈ কভিদ পজিটিভৰ খবৰ অহাৰ সময়তো ছয়গাঁৱৰ ইউনাইটেড বেংকত মানুহৰ শাৰীত থিয় হৈ আছিল ৷ এতিয়া কথা হ’ল এইগৰাকী স্বাস্থ্য কৰ্মীৰ অসাৱধনতাৰ বাবে তেওঁৰ পৰা আন লোকলৈ কৰোনা সক্ৰমণ হোৱাটো সন্দেহ প্ৰকাশ কৰিছে ৷ ইফালে ছয়গাঁৱত একেদিনাই ছজন লোকৰ কৰোনা পজিটিভ ওলোৱাৰ পিচত ছয়গাঁৱৰ লোক সকল শংকিত হৈ পৰিছে। এই ঘটনাৰ পিছত ছয়গাঁও আৰক্ষী থানা আৰু বেংকটো চেনিটাইজ কৰা হয় ৷ আনহাতে আৰক্ষী থানাৰ চৰকাৰী আৱাসগৃহ এটা কণ্টেমেইন জ’ন কৰা হয় ৷ আজি কৰোনা আক্ৰান্ত মহিলা আৰক্ষী আৰু তেওঁৰ স্বামীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ নিয়াৰ বিপৰীতে বাকী চাৰি জনক মিৰ্জাৰ পতঞ্জলি কভিদ চিকিৎসালয়লৈ নিয়া হয়