নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জনস্বাস্থ্য’ৰ ৰিজার্ভাৰত আবদ্ধ হৈ কিশোৰসহ ৩ শ্রমিকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ নিমাতীঘাটৰ ভয়ংকৰ ফেৰী দুর্ঘটনাই ৰাজ্যবাসীক শোকাহত কৰি ৰখাৰ সময়তে শুকুৰবাৰে শিলচৰৰ টুপখানা অঞ্চলত সংঘটিত হ’ল এক কৰুণ ঘটনা৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নির্মীয়মাণ ১২ ফুট গভীৰতাৰে এটা ৰিজার্ভাৰত আবদ্ধ হৈ কিশোৰসহ তিনিজন শ্রমিকৰ মৃত্যু হৈছে৷

জানিব পৰা মতে, ৰিজার্ভাৰটোৰ ভিতৰৰ পানী বাহিৰলৈ উলিয়াই দিয়াৰ উদ্দেশ্যে মটৰ পাম্পৰ ছুইচ অন কৰিবলৈ প্রথমতে ছালিমউদ্দিন লস্কৰ (৪০) নামৰ শ্রমিকজন নামি গৈছিল৷ কিন্তু ১২ ফুট দ’ৰ জার্ভাৰটোত নাছিল কোনোধৰণৰ ভেণ্টিলেচনৰ ব্যৱস্থা৷ যাৰ বাবে বদৰপুৰৰ জাতিংগামুখ নিৱাসী শ্রমিকজনে উশাহ–নিশাহ ল’ব নোৱাৰি ভিতৰতে আবদ্ধ হৈ পৰে৷ এনে অৱস্থাত ছালিমউদ্দিন লস্কৰক উদ্ধাৰ কৰিবলৈ এইবাৰ ৰিজার্ভাৰটোৰ তললৈ নামি যায় নাজিমউদ্দিন মজুমদাৰ (৪৫) নামৰ আন এজন শ্রমিক৷ কিন্তু নাজিমউদ্দিন মজুমদাৰো বাহিৰলৈ ওলাই নহাত এইবাৰ ৰিজার্ভাৰটোত প্রৱেশ কৰে তেওঁৰ পুত্র ছামছুল আলম মজুমদাৰ (১৬)৷ পিছে এজন এজনকৈ তিনিজনে ৰিজার্ভাৰটোত আবদ্ধ হৈ পৰাত বাকীসকলৰ মাজত হুৱাদুৱা লাগে৷ এটা সময়ত স্থানীয় ৰাইজৰ সহযোগত আন শ্রমিকসকলে তিনিওকে ৰিজার্ভাৰটোৰ পৰা উদ্ধাৰ কৰে যদিও ছালিমউদ্দিন লস্কৰৰ ইতিমধ্যে মৃত্যু হোৱাটো নিশ্চিত হৈছিল৷ পিতা–পুত্র নাজিমউদ্দিন মজুমদাৰ আৰু ছামছুল আলম মজুমদাৰক ততালিকে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল যদিও বিয়লি ৩.৩০ বজাত চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে৷

একমাত্র ঠিকাদাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এনেদৰে তিনিজনকৈ লোকৰ প্রাণহানি ঘটা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে৷ টুপখানা গাঁও পঞ্চায়তৰ সভাপতি মিঞা খানে এই সন্দর্ভত কয় যে ঠিকাদাৰে শ্রমিকৰ বাবে ইমান গভীৰ ৰিজার্ভাৰটোত প্রৱেশৰ বাবে ষ্টেয়াৰকেছৰ কোনো ব্যৱস্থা কৰা নাছিল৷ অস্থায়ী ব্যৱস্থাৰে বগাই ওলোৱা–সোমোৱা কৰাৰ বাবে শ্রমিকসকলক বাধ্য কৰোৱা হয়৷ যাৰ পৰিণতিত আজি তিনিজনকৈ দুখীয়া শ্রমিকৰ মৃত্যু হ’ল৷ মন কৰিবলগীয়া যে ১৬ বছৰীয়া কিশোৰ ছামছুল আলম মজুমদাৰকো শ্রমিক হিচাপে নিয়োজিত কৰিছিল ঠিকাদাৰে৷ যিটো সম্পূর্ণৰূপে আইনবিৰুদ্ধ৷

You might also like