জলছবিৰে জগৎ জিনিছে নাহৰকটীয়াৰ নীলোৎপলে
নিয়মীয়া বার্তা, ২ জানুৱাৰী: জলছবি ! অৰ্থাৎ পানী ৰঙেৰ অঁকা ছবি। ছবিৰ বহুল ব্যৱহৃত এই মাধ্যমেৰে জগত সভাত নিজৰ উপস্থিতি ঘোষণা কৰিছে এগৰাকী ৩৩ বছৰীয়া অসমীয়া যুৱকে ৷ শিল্প কৰ্মৰ বাবে বিশ্বৰ ভিতৰতে বিখ্যাত জাৰ্মান-ইটালী, ফ্ৰান্সৰ, আমেৰিকাৰ বিভিন্ন চিত্ৰপ্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে তেওঁৰ পানীৰঙৰ ছবি। আমন্ত্ৰিত হৈছে চিত্ৰশিল্পী হিচাপে। সমল ব্যক্তি হিচাপে টাইৱানত আয়োজিত প্ৰশিক্ষণ শিবিৰলৈও গৈছে তেওঁ ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত সমাদৃত এইগৰাকী যুৱ শিল্পী হৈছে নাহৰকটীয়াৰ লংজং নিবাসী নিৰুপম কোঁৱৰ৷
সৰুতেই চিত্ৰশিল্পৰ প্ৰেমত পৰা নিৰুপম কোঁৱৰে পেইণ্টিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে মহিশূৰ বিশ্ববিদ্যালয়ৰ পৰা ৷ বৰ্তমানে বেংগালুৰুত মুখ্য কাৰ্যালয় থকা “বাইজুছ“ নামৰ ডিজিটেল শৈক্ষিক প্ৰতিষ্ঠানটোৰ তেওঁ আৰ্ট ডিৰেক্টৰ ৷ এগৰাকী পেশাগত কনচেপ্ট আৰ্টিষ্ট হিচাপে তেওঁ বাহুবলীৰ দৰে দেশৰ ছুপাৰহিট ছবিৰ ওপৰিও হলিউডৰ এংগ্ৰি বাৰ্ড, বেটমেনকে ধৰি কেইবাখনো বিখ্যাত ছবিত এনিমেছনৰ কাম সম্পন্ন কৰিছে ৷ অৱশ্যে পেশাগত ব্যস্ততাৰ মাজতেই আজৰি পালে তেওঁ ব্যস্ত হৈ পৰে প্ৰিয় মাধ্যম জলছবিৰ জগৎখনত ৷ আৰু জলছবিৰেই তেওঁ ভূয়সী বুটলিবলৈ সক্ষম হৈছে বিশ্বৰ বিভিন্ন স্থানত ৷
চিত্ৰশিল্পক পেশাদাৰী দৃষ্টিভংগীৰে লোৱাৰ পৰিৱেশ অসমত নাই বুলি ব্যক্ত কৰা শিল্পীগৰাকীয়ে জানিবলৈ দিয়ে এইখন ক্ষেত্ৰত তেওঁ লাভ কৰা আৰ্থিক নিৰাপত্তাৰ বিষয়ে। নাভাস্কা পালিট্ৰা নামৰ ৰাছিয়ান শিল্প প্ৰতিষ্ঠান এটাৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপেও কৰ্মনিৰ্বাহ কৰা নিৰূপম কোঁৱৰৰ একোখন জলছবি জাৰ্মানীৰ দৰে দেশত ৬০০ ইউৰো পৰ্যন্তত বিক্ৰী হৈছে ৷ কোভিড পৰিস্থিতিৰ বাবে বিগত দুটা বৰ্ষত বিদেশলৈ যাব পৰা নাই যদিও অহা মাৰ্চত ফ্ৰান্স আৰু ছুইজাৰলেণ্ডত অনুষ্ঠিতব্য প্ৰদৰ্শনীলৈ তেওঁ নিমন্ত্ৰণ লাভ কৰিছে। কঠোৰ পৰিশ্ৰমৰ বিনে সাফল্য কাহানিও নাহে বুলি উল্লেখ কৰি নতুন প্ৰজন্মৰ শিকাৰুসকলক কষ্ট কৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰকো এইক্ষেত্ৰত উদগণি যোগাবলৈ আহ্বান জনালে নিৰূপম কোঁৱৰে ৷
প্ৰেৰকঃ বুলন শইকীয়া / নাহৰকটীয়া