নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেৰেঙাৰ ১০০ বিঘা মাটিত নির্মাণ হ’ব জয়মতীৰ পূর্ণাংগ স্মাৰক

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ অসমৰ জনগণ আকৌ এক নতুন প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ আমাৰ জাতিসত্তাৰ ওপৰত আকৌ এবাৰ ৰাজনৈতিক আক্রমণ চলিছে৷ –এই মন্তব্য ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত উদাত্ত ভাষণ দি মন্ত্রীগৰাকীয়ে কয়– জাতিসত্তাৰ ওপৰত চলা এই আক্রমণ প্রতিহত কৰি এই জেৰেঙা পথাৰৰ পৰাই আজি আমি সংকল্প ল’ব লাগিব যে ভাৰতৰ মাটি তথা অসমৰ মাটিত আমি আমাৰ বিজয় ধ্বজা উৰুৱাই ৰাখিম আৰু শত্রুসকলক পৰাস্ত কৰিম৷

১ লাখ খিলঞ্জীয়া ভূমিপুত্রক মাটিৰ পট্টা প্রদানৰ বাবে আয়োজন কৰা এই অনুষ্ঠানত মন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদী প্রেৰণাৰ প্রতীক বুলি উল্লেখ কৰি কয়– অসমত সোণালী আখৰেৰে ইতিহাস ৰচা আহোম স্বর্গদেউসকলে শিৱসাগৰত ৰাজধানী স্থাপন কৰিছিল৷ এই শিৱসাগৰৰ পৰাই অৰুণোদয়ৰ জৰিয়তে অসমৰ ভাষা–সাহিত্যই এক নতুন দিগন্তলৈ আগুৱাই গৈছিল৷ এই জেৰেঙা পথাৰতে সতী জয়মতীয়ে নিজৰ আত্মত্যাগেৰে অসমৰ জাতীয় জীৱনৰ বুকুত আত্মত্যাগ আৰু স্বদেশ প্রেমৰ এক মহান ইতিহাস ৰচনা কৰিছিল৷ এনে এক ঐতিহাসিক স্থানলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমন্ত্রণ জনাবলৈ পাই গৌৰৱবোধ কৰিছোঁ৷  প্রধানমন্ত্রীৰ আগমনে সমগ্র অসমবাসীকে উৎফুল্লিত কৰি তুলিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্ব আৰু তেওঁৰ কর্মতৎপৰতাৰ বাবে ক’ভিড মহামাৰীৰ দৰে দুর্যোগৰ মাজতো আমি সাহসেৰে থিয় হৈ ইয়াক প্রতিহত কৰিব পাৰিছোঁ৷ আজি আমেৰিকা, ইংলেণ্ডৰ দৰে ৰাষ্ট্রৰ লগত একেলগে থিয় হ’ব পাৰিছোঁ আৰু প্রধানমন্ত্রীৰ নেতৃত্বত আমি ক’ভিড ভেকচিন আৱিষ্কাৰ কৰিব পাৰিছোঁ৷ ৰাইজক এই ভেকচিন দিব পাৰিছোঁ৷ আত্মনির্ভৰশীল ভাৰতে যি সোণালী ইতিহাস ৰচনা কৰিলে, তাৰ বাবে প্রধানমন্ত্রী মোদীক অশেষ ধন্যবাদ জনাইছোঁ৷ ক’ভিড মহামাৰীৰ সময়ত প্রতিটো পলে পলে প্রধানমন্ত্রীয়ে অসমবাসীৰ খবৰ লৈ আছিল৷ এই দুর্যোগৰ সময়ত তেওঁ অসমবাসীৰ কাষত থিয় দি ৰাজ্যৰ ২ কোটি ২৩ লাখ লোকক এপ্রিল মাহৰ পৰা নৱেম্বৰ মাহলৈ বিনামূলীয়া চাউলৰ যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিছিল৷ অসমৰ ১২ লাখ লোকক ধনজন আঁচনিৰ জৰিয়তে একাউণ্টত নগদ ধন জমা দি ক’ভিড দুর্যোগৰ সময়ত সকাহ দিছে৷ যি সময়ত বিশ্বৰ আন দেশত ক’ৰোনাৰ বাবে সংকটজনক ৰোগীৰ বাবে ভেণ্টিলেটৰৰ অভাৱে দেখা দিছিল, সেই সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজা তৎপৰতাৰে অসমৰ বাবে ৯৬০টা ভেণ্টিলেটৰ আৰু ১৩শ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিছিল৷ তদুপৰি ১৮০ কোটি টকা প্রধানমন্ত্রীগৰাকীয়্ আই চি ইউ স্থাপনৰ বাবে প্রদান কৰিছিল৷ প্রধানমন্ত্রীগৰাকীৰ এনে সহায় আৰু সাহসৰ বাবে অসমে ক’ভিডৰ বিৰুদ্ধে সফলতাৰে যুঁজিবলৈ সক্ষম হৈছিল৷ প্রধানমন্ত্রী মোদীৰ এনে মহানুভৱতাক অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰিব বুলি উল্লেখ কৰি ড০ শর্মাই পুনৰ কয়– ক’ভিড মহামাৰীৰ পাছত প্রথমবাৰলৈ অসম ভ্রমণলৈ অহা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে  সতী জয়মতীৰ স্বদেশ প্রেমেৰে জাতিক জীপাল কৰি থৈ যোৱা ঐতিহাসিক জেৰেঙা পথাৰত ভৰি থৈয়ে জাতিৰ বিজয়ৰ নিচান উৰুৱালে৷ প্রধানমন্ত্রী মোদীৰ উপস্থিতিতে শিৱসাগৰবাসী তথা অসমবাসী ৰাইজক আমি প্রতিশ্রুতি দিব খুজিছোঁ– জেৰেঙা পথাৰৰ ১০০ বিঘা ভূমিত নির্মাণ কৰা হ’ব সতী জয়মতীৰ এক স্মাৰক৷

You might also like