জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ চি বি আই তদন্তৰ দাবী
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ সেনা-আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা যোৰহাট জিলাৰ সীমান্তৱৰ্তী বালিজানৰ জয়ন্ত বৰা ঘটনাক কেন্দ্ৰ কৰি আজি পুনৰ উতপ্ত হৈ পৰে বৰহোলা চহৰ। সমগ্ৰ ঘটনাটোৰ চি বি আই তদন্তৰ দাবী জনোৱাৰ উপৰি বৰ্তমান অব্যাহত থকা তদন্ত প্ৰক্ৰিয়া অতি লেহেমীয়া হোৱাৰ অভিযোগ তুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, চুতীয়া ছাত্ৰ সন্থা, গঞা মুক্তি অসম, ঠেঙাল কছাৰী ছাত্র সন্থা, যুৱ-ছাত্ৰৰ প্ৰমুখ্যে কেইবাটাও দল-সংগঠন আৰু বহু সংখ্যক ৰাইজে বৰহোলা থানা চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে ”জয়ন্ত বৰাক শীঘ্ৰে ন্যায় প্ৰদান কৰক’, ”দোষী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক’, ”অসম চৰকাৰ হায় হায়’, ”গৃহ বিভাগ হায় হায়’ আদি শ্ল’গানেৰে বৰহোলা চহৰৰ আকাশ বতাহ কঁপাই তোলে। কাৰ্যসূচীত উপস্থিত থকা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ‘নিয়মীয়া বাৰ্তা’ৰ আগত কয় যে চৰকাৰী পৃষ্ঠপোষকতাৰ বাবেই জয়ন্ত বৰা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াটো বৰ্তমান অতি লেহেমীয়া হৈ পৰিছে।
ফলত তদন্তৰ প্ৰতিবেদন সাত দিনৰ ভিতৰত ৰাজহুৱা কৰা হ’ব বুলি অসম চৰকাৰৰ মন্ত্ৰী-সাংসদে লিখিত প্ৰতিশ্ৰুতি দি যোৱাৰ পিছতো সেয়া কাৰ্যকৰী নহ’ল। আমি মন্ত্ৰী-সাংসদ সকলৰ ওপৰত আস্থা ৰাখিছিলোঁ। কিন্তু তেওঁলোকে মিথ্যাচাৰৰ আশ্ৰয় ললে। ২৪ ঘণ্টা নহওতেই মাতৃ লীলা বৰাই সকলো কথা স্পষ্টকৈ উল্লেখ কৰি এখন এজাহাৰ দাখিল কৰিছিল। মাত্ৰ তিনিজন আৰক্ষীক নিলম্বিত কৰিয়েই দায়িত্ব সামৰা চৰকাৰ তথা প্ৰশাসনে সেই এজাহাৰৰ ভিত্তিত আজিকোপতি কিন্তু কাকোৱেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল। উজনি অসমৰ আৰক্ষী ডিআইজি শিৱ প্ৰসাদ গাঞ্জাৱালাই প্ৰথম দিনাৰ পৰাই দোষীক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰি অহাৰ তথ্য আমাৰ হাতত আছে।
এইগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াক শীঘ্ৰে তদন্তৰ আওতালৈ আনিব লাগে। আমি জানিব পাৰিছো যে জয়ন্ত ঘটনাৰ তদন্ত বিষয়া তথা আয়ুক্ত ললিত গগৈক বাঘজানৰ তৈল খাদ দুৰ্ঘটনাৰ তদন্তৰো দায়িত্ব অৰ্পণ কৰা হৈছে। এনেদৰে একে সময়তে দুটা স্পৰ্শকাতৰ ঘটনাৰ তদন্তৰ দায়িত্ব একেজন ব্যক্তিক দিব লগা হ’ল কিয় ? আন বিষয়া নাছিল নেকি ? চৰকাৰে সচাকৈয়ে দোষীক শাস্তি দিব বিচাৰিছে নে প্ৰতিবাদৰ ওচৰত হেয় মানি এনেদৰে ভুৱা প্ৰতিশ্ৰুতি দি গৈছিল সেয়া স্পষ্ট কৰক। আনহাতে জয়ন্তৰ হত্যাৰ তদন্ত চি বি আইৰ দৰে উচ্চ ক্ষমতা সম্পন্ন আৰু স্বতন্ত্ৰ তদন্তকাৰী সংস্থাক দায়িত্ব দিয়াৰ দাবী জনাই সংগঠনটোৰ সম্পাদকগৰাকীয়ে কয় যে কমিশ্যন এনকুৱেৰী এক্ট ১৯৫২ অধীনত গঠন কৰা তদন্ত সমিতিবোৰৰ সীমাবদ্ধতা আছে।
এই ধৰণৰ তদন্ত সমিতিৰ শক্তি কম। পূৰ্বেও এনেধৰণৰ বহু ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱাৰ লগতে ন্যায় লাভ নকৰাৰ উদাহৰণ আছে। আনকি অসমৰ গুপ্তহত্যাৰ ওপৰত কে এন শইকীয়াৰ প্ৰতিবেদনো পৰৱৰ্তী পৰ্যায়ত উচ্চতম ন্যায়ালয়ে বৈধ নহয় বুলি উল্লেখ কৰা দেখা গৈছিল বুলি মন্তব্য কৰে বিদ্যুৎ শইকীয়াই। কাৰ্যসূচীত উপস্থিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলাৰ যুটীয়া সম্পাদক প্ৰমোদ গগৈয়ে জয়ন্তৰ মৃত্যু ঘটনাৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনৰ শেষতীয়া ভূমিকাক তীব্ৰ সমালোচনা কৰে।
সাত দিন সময় দিয়া চৰকাৰ তথা প্ৰশাসনে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আৰু কিমান দিন লাগিব সেয়া ৰাইজ আগত স্পষ্ট কৰক বুলি যুটীয়া সম্পাদকগৰাকীয়ে দাবী জনোৱাৰ লগতে চিবিআইৰ তদন্ততহে জয়ন্ত হত্যাকাণ্ডৰ আঁৰত থকা প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি ব্যক্ত কৰে। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাজ বাঢ়ৈ বৰা চুতীয়াই চমু বক্তব্যত এগৰাকী মাতৃ আৰু আইতাকৰ বুকু শুদা কৰি জয়ন্তক হত্যা কৰা দোষীয়ে উচিত শাস্তি নোপোৱালৈকে সদায় পৰিয়ালৰ লগত থাকি প্ৰতিবাদ অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে।
উল্লেখ্য যে কেইবাঘণ্টীয়া প্ৰতিবাদৰ সময়চোৱাত বৰহোলা চহৰৰ যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল। প্ৰশাসনৰ হৈ তিতাবৰ মহকুমাৰ দণ্ডাধীশ ৰাজা বৈশ্য আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদী ৰাইজৰ সৈতে প্ৰত্যক্ষভাবে বাৰ্তালাপ কৰে। ছাত্ৰ মুক্তিৰ বিদ্যুৎ শইকীয়াই ৰাইজৰ ক্ষোভ আৰু দাবীবোৰ দুয়োগৰাকী প্ৰশাসনিক বিষয়াৰ সন্মুখত স্পষ্টকৈ প্ৰকাশ কৰে। প্ৰতিবাদী ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পাঁচটা দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। দাবী কেইটা হৈছে- আগন্তুক ৭ দিনৰ ভিতৰত সেনা আৰক্ষীৰ ৰহস্যজনক হত্যাৰ বলি হোৱা জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ চিবিআই তদন্ত প্ৰদান কৰক। ঘটনাৰ লগত জড়িত সকলো সেনা আৰক্ষীক অনতিপলমে গ্ৰেপ্তাৰ কৰক।
উজনি অসমৰ ডিআইজি শিৱ প্ৰসাদ গাঞ্জাৱালাক তদন্তৰ আওতালৈ আনক । প্ৰশাসনে হত্যাকাণ্ডটোৰ সন্দৰ্ভত অপ-প্ৰচাৰ বন্ধ কৰক। মন্ত্ৰী অতুল বৰা, যোগেন মহন আৰু সাংসদ তপন গগৈয়ে তদন্তৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খোজক। এইকেইটা দাবী শীঘ্ৰে কাৰ্যকৰী নহলে পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়াৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে