নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিপলাইত জৰাজীৰ্ণ পথ মেৰামতি কৰিলে স্থানীয় ৰাইজে; স্থানীয় বিধায়কৰ ভূমিকাত ক্ষুন্ন ৰাইজ

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ (জনজাতি)ৰ বাবে সংৰক্ষিত বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টিপলাই অঞ্চলৰ প্ৰায় সংখ্যক পথ পকীকৰণ নকৰাৰ ফলত এজাক বৰষুণ পৰিলেই যাতায়তৰ বাবে অনুপযোগী হৈ পৰে। যাৰ পৰিপেক্ষিত সকলো শ্ৰেণীৰ ৰাইজ জীয়াতু ভূগিব লগা হৈছে।  যোৱা কেইদিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে টিপলাই গড়কাপ্তানী পথ -সোণাপুৰ উলুবাৰী সংযোগী পথটো জৰাজীৰ্ণ হৈ পৰাত পথটোৰে বিদ্যালয়লৈ অহা  ছাত্ৰ ছাত্ৰীৰ লগতে মুমূৰ্ষু ৰোগীসকলো যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। যাৰ বাবে আজি উপায়ন্তৰ হৈ স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি শিল, বালি, মাটি দি ৰাজহুৱা শ্ৰমদানেৰে পথটো মেৰামতি কৰি কিছু পৰিমাণে পথটো যাতায়তৰ বাবে সুচল কৰি তোলে।

স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে টিপলাই অঞ্চলৰ প্ৰায় সংখ্যক  গুৰুত্বপূৰ্ণ পথেই পকীকৰণ নকৰাত ৰাইজ যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে। স্থানীয় ৰাইজে বিগত সময়ত পথ সমুহ পকীকৰণ কৰাৰ বাবে স্থানীয় বিধায়ক সকলক দাবী জনাই আহিছে যদিও কোনো এজন বিধায়কে পথ সমুহ পকীকৰণ কৰাৰ বাবে ব্যবস্থা নললে। ভোটৰ সময়ত ৰাইজক উন্নয়নৰ ভূৱা প্ৰতিশ্ৰুতি  দিয়াৰ পিছত জয়ী হৈ ৰাইজৰ সমস্যাক পিঠি দিয়া কাৰ্যক ৰাইজে গৰিহনা দিছে। লগতে সমষ্টিটোৰ ভিতৰতে সকলো দিশতে আগবঢ়া টিপলাই অঞ্চলটো একমাত্ৰ যোগাযোগ ব্যৱস্থা শোচনীয় হোৱা বাবেই উন্নয়ন হোৱা নাই। সেয়েহে অতিসোনকালে টিপলাই অঞ্চলৰ গুৰুত্বপূৰ্ণ পথ সমুহ পকীকৰণ কৰাৰ বাবে ৰাইজে দাবী জনাইছে।

প্ৰেৰক: জ্যোতিষ নাথ, টিপলাই 

You might also like