নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিৰাপ বনাঞ্চলত শ শ হোলোং গছ কাটি তহিলং

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে বিশ্বৰ প্রতিখন দেশৰ সমান্তৰালকৈ ভাৰতবর্ষতো অব্যাহত আছে এতিয়া লকডাউন৷ ইয়াৰ মাজতে তিনিচুকীয়া জিলাৰ লেখাপানী বন আঞ্চলিক বিষয়াৰ কার্যালয়ৰ অন্তর্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত পূর্ণগতিত অব্যাহত থকা চোৰাং কাঠৰ ৰমৰমীয়া বেহাৰ তথ্য পোৱা গৈছে৷ অসম–অৰুণাচল প্রদেশৰ সীমামূৰীয়া টিৰাপ সংৰক্ষিত বনাঞ্চলত দেশত অব্যাহত থকা এনে লকডাউনৰ মাজতেই চোৰাং কাঠ মাফিয়াই প্রৱেশ কৰি এফালৰ পৰা জধে–মধে কাটি তহিলং কৰি পেলাইছে শ শ হোলোং গছ৷ ইতিমধ্যে কাঠ মাফিয়াই অত্যাধুনিক কাঠ ফলা মেচিন, ছেইনচ’ ব্যৱহাৰ কৰি দিনে–নিশাই টিৰাপ সংৰক্ষিত বনাঞ্চলত কটা শ শ হোলোং গছৰ কুণ্ডা অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰস্থিত কীটপ্লাই, এছ ভি এম, অম্বিকা, ৰোজন, কামলু আৰু নামপুং প্লাই নামৰ এই কাঠ মিলসমূহলৈ সৰবৰাহ কৰি অহাৰ তথ্য পোৱা গৈছে৷ এইসমূহ চোৰাং কুণ্ডা সৰবৰাহ কৰিবলৈ টিৰাপ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে চোৰাং কাঠ মাফিয়াই নির্মাণ কৰি লৈছে ৰাষ্ট্রীয় ঘাইপথ সদৃশ বহল বহল পথ৷ এনে পথেৰেই অসম–ৰুণাচল প্রদেশ সীমান্তৰ টিৰাপ নৈ পাৰ কৰি অৰুণাচলৰ খাণ্ডু হৈ ড্রাকে ড্রাকে সৰবৰাহ কৰা হোলোং গছৰ চোৰাং কুণ্ডাই ভৰি পৰিছে জয়ৰামপুৰস্থিত কাঠ মিলকেইটা৷

কিন্তু ইমানৰ পিছতো চকু মুদা কুলিৰ ভাও ধৰিছে অসমৰ বন বিভাগ৷ শেহতীয়াকৈ সাৰ পালে বন বিভাগটোৱে৷ যাৰ ফলত টিৰাপ সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ মাফিয়াই কাটি থোৱা ৯ ফুটকৈ দৈর্ঘ্যৰ দুশ ছয়টা হোলোং গছৰ কুণ্ডা বন বিভাগটোৱে অলপতে জব্দ কৰিবলৈ সক্ষম হয়৷ বন বিভাগে জব্দ কৰা কুণ্ডাখিনি ১৩৬.৮২৭ চি এম (৪৭৮৮.৯৪৫ চেপ্ঢি) পৰিমাণৰ হোৱাৰ লগতে বজাৰমূল্য প্রায় ২৩ লক্ষাধিক টকা হ’ব বুলি বন বিভাগে জানিব দিয়ে৷ ৰাজ্যখনত বিয়াগোম এটা বন বিভাগ থকাৰ পাছতো সংৰক্ষিত বনাঞ্চলখনত চোৰাং কাঠ মাফিয়াই নির্বিঘ্ণে ইমান বৃহৎসংখ্যক হোলোং গছ কেনেকৈ কাটিবলৈ সুযোগ পালে বুলি প্রশ্ণ কৰিছে সকলোৱে৷ উত্থাপিত অভিযোগ মতে ডিগবৈ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া চৈয়দ আতিকুৰ ৰহমানেৰে সৈতে চোৰাং কাঠ মাফিয়াৰ গোপন বুজাবুজি থকাৰ বাবেই টিৰাপ সংৰক্ষিত বনাঞ্চলখনত চোৰাং কাঠৰ এনে ৰমৰমীয়া বেহা অব্যাহত আছে৷

বন সংণ্ডল বিষয়াগৰাকীৰ কমিছনৰাজৰ বাবেই টিৰাপ সংৰক্ষিত বনাঞ্চলখন চোৰাং কাঠ মাফিয়াৰ ৰম্যভূমিলৈ পৰিণত হৈ পৰিছে৷ আনহাতে জাগুন অঞ্চলৰ সংৰক্ষিত বনাঞ্চল কাঠ মাফিয়াই এফালৰ পৰা ধ্বংস কৰাৰ ফলত খাদ্য সংকটত পৰা বনহ্যস্তীয়ে খাদ্য সন্ধানত জনাঞ্চললৈ ওলাই অহাত ৰাইজে বিনিদ্র ৰজনী কটাব লগা হৈছে৷

You might also like