নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত তিতাবৰত মিত্ৰজোঁট বিজেপিৰ বিপুল জয়

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী : তিতাবৰৰ কংগ্ৰেছৰ প্ৰবল ভেটিত ধুমুহা সৃষ্টি কৰি ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ঘোষনা কৰা ফলাফলত তিতাবৰত মিত্ৰজোঁট বিজেপি অগপৰ বিপুল বিজয় সাব্যস্ত হয়। পৰিষদৰ তিতাবৰৰ দহটা সমষ্টিত বিজেপি দলে ৬ টা সমষ্টিত কংগ্ৰেছ দলে দুটা সমষ্টিত আৰু মিত্ৰজোঁটৰ অগপ দলৰ এটা সমষ্টিত আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী বিজয় সাব্যস্ত কৰে।কংগ্ৰেছৰ ভেটি খহাই মিত্ৰজোঁট বিজেপি অগপ বিজয় সফলতা পায়। আজি ঘোষণা কৰা ফলাফলত বৰুৱাজান সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কুমুদ কছাৰীয়ে ১৩৪৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী কণৰাম কছাৰীয়ে ১০৯৪ ভোট লাভ কৰে।বিজেপিৰ প্ৰাৰ্থী কুমুদ কছাৰীয়ে ২৫২ টা ভোটত বিজয় হয়। জালুকনিবাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শ্যামলকৃষ্ণ বৰাই ৭৬৭ টা ভোট কংগ্ৰেছ প্ৰাৰ্থী পুণেশ্বৰ শইকীয়াই ৭৩২ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে ইক্ষু কুমাৰ হাজৰিকাই-৩৯৪ টা-ভোট আৰু মঞ্জিত শইকীয়াই ১৭৪-ভোট লাভ কৰে।বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ৩৬ টা ভোটত বিজয় হয়।তিতাবৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বন্তি শইকীয়াই ৯৯১ ভোট কংগ্ৰেছ প্ৰাৰ্থী লক্ষ্যজিত শইকীয়াই ৯৩৯ ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী প্ৰবীণ শইকীয়াই ৪৬২ টা ভোট লাভ কৰে।বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ৫২ টা ভোটত বিজয় হয়।নগাবাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিপুল কছাৰীয়ে ১৯২৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী সুনিল ৰেগণে ৭৬৪ টা ভোট লাভ কৰে।বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোৰ ভিতৰত বৃহৎ ব্যৱধানত ১১৬৫ টা ভোটত বিজয় হয়। মাধপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰতাপ কছাৰীয়ে ২১৬৮ ভোট কংগ্ৰেছৰ প্ৰাৰ্থী অনিল কছাৰীয়ে ১৯১৫ -ভোট আৰু চি পি আই প্ৰাৰ্থী গৰাকীয়ে ২৯২ভোট লাভ কৰে।বিজেপিৰ প্ৰাৰ্থী প্ৰতাপ কছাৰীয়ে -২৫৩ টা ভোটৰ ব্যৱধানত বিজয় হয়।ফুলবাৰী সমষ্টিত মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী পুৰ্ন বৰাই ১৩৭৩ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল শইকীয়াই ১০২৮ টা ভোট লাভ কৰে।অগপৰ প্ৰাৰ্থী পুৰ্ন বৰাই ৩৪৫ টা ভোটত বিজয় হয়। দিহিঙীয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অচিন্ত শইকীয়া ১২২৬ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী প্ৰকাশ শইকীয়াই ১১৭৭ টা ভোট লাভ কৰে। কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৪৯ টা ভোটত বিজয় হয়।চামগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পুলক কছাৰীয়ে ১৯৮৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী অক্ষয় কুমাৰ শইকীয়াই ১৬৪২ টা ভোট লাভ কৰে।বিজেপিৰ প্ৰাৰ্থী পুলক কছাৰীয়ে ৩৪৩ টা ভোটত বিজয় হয়। তামূলবাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী লক্ষেশ্বৰ হাজৰিকাই ১৩৪৮ টা ভোট, মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী অম্বিকা কছাৰীয়ে ১৩০০ টা ভোট চি পি আই প্ৰাৰ্থী বিশ্বজিত শইকীয়াই ৫৫১ টা -ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী গোপীনাথ শইকীয়াই ৯০৭ টা ভোট লাভ কৰে।কংগ্ৰেছ প্ৰাৰ্থী গৰাকী ৪৯ টা ভোটত বিজয় হয়।আৰু বৰহোলা সমষ্টিত আজি নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়াই অগপ প্ৰাৰ্থী গৰাকীতকৈ ২ টা ভোটত বিজয় হোৱাত অগপ প্ৰাৰ্থী মনচুমী পাঠক সোনোৱালে পুনৰ ভোট গণনা দাবী কৰে।সমষ্টিটোত পুনৰ ভোট গণনা হোৱাত নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়াই ৬৬৩ টা ভোট, অগপৰ প্ৰাৰ্থী মনচুমী পাঠক সোনোৱালে ৬৬১ টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থী বন্তি বৰা শইকীয়াই ৫৩১ টা ভোট লাভ কৰে। নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়াই ২ ভোটত বিজয় হয়।

প্ৰেৰকঃ প্ৰনৱজ্যোতি কলিতা, তিতাবৰ

You might also like