নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ৫ ক’ভিড ৰোগীৰ মৃত্যু

নিয়মীয়া বাৰ্তাঃ ২৪জানুৱাৰীঃ ডিব্ৰুগড়ত চাঞ্চল্য!এদিনতে জিলাখনত ক’ভিডত আক্ৰান্ত হৈ পাঁচ গৰাকী লোকৰ মৃত্যু হোৱাত স্বাভাৱিকতে বহু উদ্বেগৰ বিষয় হৈ পৰিছে।সূত্ৰৰ পৰা জানিব পৰা মতে অসম মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত থকা ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মীৰা বৰা বৰচেতিয়া(৫১),ডিব্ৰুগড়ৰ নালিয়াপুলৰ ঝৰ্ণা বেগম(৬৪),পানীতোলাৰ প্ৰীতম তাঁতী(৩০),চহৰখনৰ খনিয়া গাওঁৰ নৰেন মাউকি(৬৭) আৰু হোম আইচলেচনত থকা ৰাজগড়ৰ ২নং নভকটীয়াৰ দয়াল বাউৰী কভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে।উল্লেখ্য যে ৰোগীকেইগৰাকী সপ্তাহতকৈয়ো কম দিন চিকিৎসাধীন হৈ আছিল।স্বাভাৱিকতে ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সময়তে এয়া এক নেতিবাচক দিশ বুলি অভিহিত হৈছে।এসপ্তাহৰ পূৰ্বে ডিব্ৰুগড়ত পাঁচ শতাধিকৰো অধিক লোক ক’ভিডত আক্ৰান্ত হৈছিল যদিও আজিৰ মৃত্যুৰ এই পৰিসংখ্যাই সকলোকে ভৱাই তুলিছে।আনহাতেদি আজি ডিব্ৰুগড়ত ৰেট পৰীক্ষা কৰাত ৩০৯ গৰাকীৰ দেহত পজিটিভ পোৱাৰ বিপৰীতে আৰটিপিচিআৰ পৰীক্ষাত ১১,গৰাকীকে ধৰি মুঠ ৩২০ গৰাকী ক’ভিড ৰোগী চিনাক্ত হৈছে।

You might also like