নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘তামুলপুৰ জিলা হ’ল’ শীর্ষক অডিঅ’ উন্মোচন বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী :  ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বি টি চি প্ৰধান প্ৰমোদ বড়োৰ বিশেষ প্ৰচেষ্টাত  নতুনকৈ গঠিত তামুলপুৰ জিলা  লাভ কৰি উৎফুল্লিত  হৈ পৰিছে সমগ্ৰ তামুলপুৰবাসী । জিলাবাসীৰ এনে আনন্দ উল্লাস শেহতীয়াকৈ প্ৰতিফলন ঘটাইছে আজি সন্ধিয়া  বি টি চি প্ৰধান প্ৰমোদ বড়োয়ে  উন্মোচন কৰা ‘তামুলপুৰ  জিলা   হ’ল’ শীর্ষক অডিঅই। নৱগঠিত জিলাখনৰ উদ্যমী যুৱক বিভিন্ন  থিয়েটাৰ, শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভিডিঅ’ছবিত অভিনয় কৰি ৰাজ্যবাসীৰ  মাজত ইতিমধ্যেই সমাদৰ লাভ কৰা  অবিনাশ শৰণীয়াৰ প্ৰচেষ্টাত নতুনকৈ গঠিত জিলা খনকলৈ ৰচিত  “তামুলপুৰ জিলা হ’ল” শীর্ষক অডিঅ’ গানটি  বি টি চি প্ৰধান প্ৰমোদ বড়োয়ে  ৰঙিয়াস্হিত নিজা বাসভৱনত আজি সন্ধিয়া আনুষ্ঠানিকভাৱে উন্মোচন  কৰে ।

‘তামূলপুৰ জিলা হল ‘ শুভেচ্ছা মূলক গীতটি উন্মোচন কৰি  প্রমোদ বড়োই উদ্যোক্তা সকলক শুভেচ্ছা  জ্ঞাপন কৰে। তামুলপুৰ জিলা গঠনে বৃহত্তৰ তামুলপুৰবাসীৰ দীর্ঘদিনীয়া আশা পূৰণ হল  বুলি মন্তব্য কৰাৰ লগতে এনে শুভক্ষণত এয়া  আদৰণীয় পদক্ষেপ  বুলি ৰাইজক গানটো শুনিবলৈ আহ্বান জনায় । অনুষ্ঠানত ইউ পি পি এলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক খগেন চন্দ্ৰ ডেকা শৰণীয়াকে ধৰি বহুতো গন্য মান্য লোক উপস্থিত থাকে। “তামুলপুৰ জিলা হ’ল” শীর্ষক অডিঅৰ পৰিকল্পনা পৰিচালনা অবিনাশ শৰণীয়াৰ, সামগ্ৰীক পৰিকল্পনা অৰুণ শৰণীয়াৰ । গীতৰ কথা ভীষ্ম ডেকা,ধৰ্মেশ্বৰ শৰণীয়াৰ আৰু সংগীত ব্যৱস্থাপনাত আছে গিৰীশ গৌতম, হোমেন শ‌ৰণীয়া। কন্ঠ শিল্পী গিৰীশ গৌতম আৰু যোগেন প্ৰভু ।

You might also like