নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ পৰা মৃতদেহ অনাৰ ব্যৱস্থা মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ  লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তর্গত তথা কদম ৰাজহ চক্রৰ অধীনৰ চিয়াজুলি পঞ্চায়তৰ হূদৰোগত আক্রান্ত হৈ থকা এটি শিশুৰ আজি পুৱাতে চিকিৎসাধীন অৱস্থাত দিল্লীৰ এপল’ হাস্পতালত মৃত্যু হয়৷ শিশুটি চিয়াজুলি দীর্ঘা নাহৰবাৰী গাঁৱৰ ৰাউত চুকৰ কুমাৰ গোৰোং আৰু ধনমায়া গোৰোঙৰ ৫বছৰীয়া কন্যা সন্তান কৃতি গোৰোং বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে শিশুটি জন্মৰে পৰা হূদৰোগত আক্রান্ত হৈ আছিল৷ পিতৃ–মাতৃয়ে নিজৰ সন্তানটিক সুস্থ কৰি তুলিবলৈ অসমৰ ভিতৰত চিকিৎসা কৰি সুফল নোপোৱাত যোৱা ১৭ মার্চত চিকিৎসাৰ বাবে দিল্লীৰ এপল’ হাস্পতাললৈ লৈ গৈছিল৷ সেই সময়তে দেশত লকডাউন ঘোষণা হোৱাৰ লগতে এপল’ হাস্পতালৰ চিকিৎসকসকলো ক’ৰোনা ভাইৰাছৰ জৰুৰী সেৱাত নিয়োজিত হৈ পৰাত শিশুটিৰ প্রয়োজনীয় চিকিৎসা আৰু অস্ত্রোপচাৰত বিলম্ব হয়৷ ইয়াৰ মাজতে চাৰি দিন পূর্বে শিশুটিৰ হূদয়ৰ এক জটিল অস্ত্রোপচাৰ সম্পন্ন কৰিছিল এপল’ হাস্পতালৰ চিকিৎসকসকলে৷ কিন্তু দুর্ভাগ্যজনকভাৱে আজি পুৱা প্রায় ৬ বজাত শিশুটিৰ মৃত্যু হোৱাৰ খবৰ জানিব পৰা গৈছে৷ চিকিৎসাৰ বাবে শিশুটিৰ মাতৃৰ সৈতে অসমৰ পৰা যোৱা শিশুটিৰ পেহায়েক চাউলধোৱা নিৱাসী শিৱ গোৰোঙে স্থানীয় গোর্খা ছাত্র সংগঠনৰ নেতৃত্বক বিষয়টো অৱগত কৰোৱাত ঘটনাটো পোহৰলৈ আহিল৷ অদ্যাপি শিশুটিৰ কৰুণ মৃত্যুৰ বিষয়ে দীর্ঘা নাহৰবাৰীত থকা পিতৃ তথা পৰিয়ালক অৱগত কৰোৱা নাই৷

ইতিমধ্যে বিষয়টো গোর্খা ছাত্র সন্থাৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক অৱগত কৰোৱাত শিশুটিৰ মৃতদেহ দিল্লীৰ এপল’ হাস্পতালৰ পৰা এম্বুলেঞ্চৰ জৰিয়তে ঘৰলৈ আনিবলৈ সকলো ব্যৱস্থা কৰি দিছে বুলি জানিব পৰা গৈছে৷ দুদিন পিছতে শিশুটিৰ মৃতদেহ ঘৰলৈ আহিব বুলি গোর্খা ছাত্র সন্থাৰ তৰফৰ পৰা জানিবলৈ দিছে৷

You might also like