দৰঙত প্রি–মেট্ৰিক সংখ্যালঘু ছাত্র বৃত্তিৰ ৪৬ কোটি টকীয়া কেলেংকাৰি
প্রি–মেট্ৰিক সংখ্যালঘু ছাত্র বৃত্তিৰ বিশাল ধন আত্মসাৎ কৰাৰ অভিযোগত আজি দৰঙৰ অচিনতলা হাইস্কুলৰ প্রধান শিক্ষকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ খাৰুপেটীয়া থানাত ৰুজু হোৱা এক গোচৰৰ তদন্তমর্মে প্রধান শিক্ষক মনোহৰ বাদশ্বাহক গ্রেপ্তাৰ কৰে৷ লক্ষণীয় যে ৰাজ্যৰ কাছাৰ জিলাৰ পাছত দৰঙতো পোহৰলৈ আহে ছাত্র বৃত্তিৰ ধন আত্মসাৎ কেলেংকাৰি৷ খাৰুপেটীয়াৰ নিকটৱর্তী অচিনতলা হাইস্কুলত সংঘটিত হৈছিল এই বিয়াগোম দুর্নীতি৷
আৰ টি আই কর্মী আলী আহমদৰ অভিযোগ অনুসৰি, প্রধান শিক্ষক মনোহৰ বাদশ্বাহে ভুৱা ছাত্র–ছাত্রীৰ লগতে নিজৰ ছবছৰীয়া পুত্রক নৱম শ্রেণীৰ ছাত্র সজোৱাৰ লগতে অতি নির্লজ্জভাৱে পত্নীৰ পৰিচয় জালিয়াতি কৰি নৱম শ্রেণীৰ ছাত্রী বুলি দেখুৱাই আত্মসাৎ কৰে বৃত্তিৰ ধন৷ নিজ পিতা–পুত্রকো একেখন স্কুলৰ ছাত্র সজোৱা হৈছিল৷ এই ঘৃণনীয় কাণ্ডত প্রধান শিক্ষক আলী আহমেদ স্বয়ং দশম শ্রেণীৰ ছাত্র বুলি দেখুওৱাৰ বিপৰীতে ছবছৰীয়া পুত্র আল–আজনুৰ বাদশ্বাহক দেখুওৱা হৈছিল নৱম শ্রেণীৰ ছাত্র৷ একেখন বিদ্যালয়তে অধ্যয়নৰত দেখুওৱা হয় মাতৃ–পিতা–পুত্র–স্ত্রী সকলো৷ পিছলৈ আৰ টি আই কর্মী আলী আহমেদৰ গোচৰৰ ভিত্তিতে খাৰুপেটীয়া থানাই তদন্ত আৰম্ভ কৰে আৰু আজি গ্রেপ্তাৰ হয় প্রধান শিক্ষক মনোহৰ বাদশ্বাহক৷
কেৱল খাৰুপেটীয়াতে নহয় দৰঙৰ সংখ্যালঘু অধ্যুষিত বহু বিদ্যালয়ত এইদৰে ভুৱা পৰিচয়েৰে ধন আত্মসাতৰ অভিযোগ উঠিছে৷ বছৰি দৰঙলৈ সংখ্যালঘু ছাত্র বৃত্তিৰ নামত ৪৬ কোটি টকা আবণ্টিত হোৱালৈ চাই সমগ্র কেলেংকাৰি চি আই ডিৰে চলালে বহু ৰৌ–বৰালি জালত পৰাৰ সম্ভাৱনা গঢ় লৈ উঠিছে৷ হয়তো বিদ্যালয়সমূহৰ পৰিদর্শকৰ কার্যালয়ৰ একাংশ কর্মচাৰীৰ সহযোগত এনে কেলেংকাৰি হ’বলৈ পালে বুলি এতিয়া চর্চিত হৈছে৷ কিন্তু দৰং আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত কৰিব পাৰিবনে? নে তদন্তৰ নামত চলিব ভেঁকোভাওনা, সেয়া তাৎপর্যপূর্ণ বিষয়৷