দৰঙৰ ঐতিহ্যক্ষেত্র ধলপুৰত খননত ওলাল তিনিটা শিলৰ ভাস্কর্য
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ একান্ত প্রচেষ্টাত নতুনকৈ নির্মাণ কৰিবলৈ লোৱা দৰঙৰ ঐতিহ্য ক্ষেত্র ধলপুৰ শিৱ মন্দিৰত খনন চলাওঁতেই আজি উদ্ধাৰ হয় তিনিটাকৈ ভাস্কর্য৷ উল্লেখ্য যে ২৭আগষ্টত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি তথা অধ্যক্ষ ৰিণিকি ভূঞা শর্মাই শিলান্যাস কৰা মন্দিৰৰ কাম সম্প্রতি তীব্র গতিত চলি থকাৰ মাজতে আজি বিয়লি উদ্ধাৰ হয় এই ভাস্কর্য৷ বিভিন্ন চিহ্ণ সম্বলিত এই তিনিওটা শিলাখণ্ড মন্দিৰ পৰিচালনা সমিতিয়ে পৰিষ্কাৰ কৰি সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য ব্রহ্মপুত্রৰ চৰ–চাপৰিত অৱস্থিত ধলপুৰ পাহাৰখন পূর্বৰে পৰা বৈচিত্র্যময়৷
সমগ্র পাহাৰখন আৱৰি আছে ভিন্ন আকৃতিৰ শিলাখণ্ডই৷ তদুপৰি কেইটামান শিলাখণ্ডত আছে প্রাচীন ৰেখাচিত্রও৷ যিবোৰৰ উপযুক্ত অধ্যয়ন আৰু গৱেষণাই নতুন সম্ভাৱনাও মুকলি কৰিব পাৰে৷ ইফালে পাহাৰখনত আছে কুৰিটাৰো অধিক শৈল গুহা৷ যাৰ বাবে আদিম মানৱৰ গুহাগাঁও হিচাপে স্থানীয় ৰাইজে আখ্যা দিয়ে ধলপুৰক৷ এই পাহাৰৰ বুকুতেই প্রাচীন কেইবাটাও শিৱৰ ভাস্কর্য উদ্ধাৰ হৈছিল, যিবোৰ মন্দিৰতে সংৰক্ষিত হৈ আছে আজিও৷ কিন্তু আজিপর্যন্ত ধলপুৰৰ ঐতিহাসিক সমলসমূহৰ ক্ষেত্রত পুৰাতত্ত্ব বিভাগে গৱেষণামূলক কোনো অধ্যয়ন নকৰাৰ কাৰণে ধলপুৰৰ বহু ইতিহাস আজিও আছে উদ্ধাৰ নোহোৱাকৈয়ে৷ কিন্তু চলিত বর্ষৰ ৭জুনত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ধলপুৰত আহি উপস্থিত হোৱাৰ পিছতেই যেন সম্ভাৱনাৰ এক অধ্যায় মুকলি হয় ঐতিহাসিক ক্ষেত্র ধলপুৰৰ৷মুখ্যমন্ত্রীয়ে সম্পূর্ণ ব্যক্তিগত প্রচেষ্টাত ধলপুৰৰ ঐতিহাসিক শিৱ মন্দিৰৰ নির্মাণ কৰাৰ লগতে ধলপুৰক এক পর্যটন ক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্রতিশ্রুতি দিছিল৷
মুখ্যমন্ত্রীৰ এই তৎপৰতাই স্থানীয় ৰাইজৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰাৰ পিছত কথা অনুসৰিয়েই সমাপন হৈছিল মন্দিৰৰ শিলান্যাস আৰু ভূমিপূজনৰো৷ ইতিমধ্যে তীব্র গতিত মন্দিৰ নির্মাণকার্য অব্যাহত থকাৰ মাজতে আজি উদ্ধাৰ হয় শিলাখণ্ড৷ পদুমৰ অষ্ট পত্র বিশিষ্ট তিনিওটা শিলাখণ্ড উপযুক্তভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে৷পূর্বতেও শিল্প ভাস্কর্য উদ্ধাৰ হোৱা ধলপুৰ পাহাৰত আৰু অধিক পোৰাণিক ভাস্কর্য উদ্ধাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে৷