দৰঙৰ বিভিন্ন বিভাগৰ পৰ্যালোচনা মন্ত্ৰী ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা, ২৯ মে’: দৰঙৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে তিনিওটা বিভাগৰ দৰঙত কামকাজকলৈ আজি এক পৰ্যালোচনা বৈঠকত অংশ লয়। দৰঙৰ উপায়ুক্তৰ সভাকক্ষত অনুস্হিত সভাত খাদ্য আৰু অসামৰিক যোগান বিভাগক মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চৰকাৰী চাকৰিয়াল আৰু আন সকলো অযোগ্য হিতাধিকাৰীয়ে যাতে তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ অতি শীঘ্ৰে উভতাই দিয়ে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এতিয়ালৈকে জিলাখনত ২৮০ জন অযোগ্য হিতাধিকাৰীয়ে তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ উভতাই দিয়ে বুলি বিভাগটোৱে অৱগত কৰে আৰু তেওঁ এই প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ৰেচনকাৰ্ড হিতাধিকাৰীৰ আধাৰ চিডিঙৰ এতিয়াৰ ৬৭.৮০% পৰা বৃদ্ধি কৰিবলৈ নিৰ্দেশ নাও দিয়ে।
কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত খাদ্য আৰু অসামৰিক যোগান বিভাগে দৰং জিলাত কেৱল ৪৮.৪৫ শতাংশহে লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হোৱা কথাটো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে জিলাখনত অধিক ধান ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়ে । তাৰোপৰি জনসংযোগ বিভাগক ধান বিক্ৰীৰ বাবে কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে এফ,এল,এচ ৰ মাধ্যমৰে নিয়মিতভাৱে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। সভাত। জলজীৱন মিচনৰ অধীনত দৰং জিলাত চলি থকা ঘৰে ঘৰে পানী যোগান আঁচনিৰো পৰ্যালোচনা কৰে। ২০২২-২৩ বৰ্ষত দৰং জিলাত নিৰ্ধাৰণ কৰা ১,২১,৫৩৪ টা ঘৰুৱা পানী সংযোগৰ লক্ষ্য পূৰণ কৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লবলৈ বিভাগটোক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । কেৱল লক্ষ্য পূৰণেই নহয় দৰঙৰ সকলো ঘৰেই যাতে নিয়মিত আৰু দীৰ্ঘস্থায়ীভাৱে পানী যোগান লাভ কৰি থাকে সেইটো সুনিশ্চিত কৰিবলৈ জল জীৱনৰ বিষয়ববীয়া সকলক আহ্বান জনায় ।
মন্ত্ৰী দাসে আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত চলি থকা প্ৰধানমন্ত্ৰী আবাস যোজনা(গ্ৰামীণ), এমজিএনৰেগা আঁচনিৰো পৰ্যালোচনা কৰে। যিসমূহ চাহ বাগিচা কৰ্তৃপক্ষই তেওঁলোকৰ অঞ্চলত পিএমএৱাই গৃহ লাভ কৰাৰ ক্ষেত্ৰত হিতাধীকাৰীসকলক NOC দিবলৈ অস্বীকাৰ কৰে তেনে বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ তেওঁ উপায়ুক্তক নিৰ্দেশ দিয়ে । আজিৰ সভাত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেশ মালাকাৰৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী গৰাকীয়ে দৰং এনআইচি কাৰ্যালয়ৰ পৰা সকলো জিলাৰ উপায়ুক্তৰ লগত ৩০ মে’ ৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পি এম কেয়াৰচ আঁচনিৰ অধীনত কভিডত অনাথ হোৱা দেশৰ বিভিন্ন প্ৰান্তৰ শিশুসকলৰ লগত ভাৰ্চুৱেলি কৰিব লগা মত বিনিময় অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে vcৰ জৰিয়তে পৰ্যালোচনা কৰে।