নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধিং–জুৰীয়াত দালালৰ কবলত পাচলি বজাৰ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ নগাঁও জিলা তথা মধ্য অসমৰ শাক–পাচলিৰ বৃহৎ বজাৰ হ’ল ধিং–ডুমডুমীয়া৷ এই বজাৰখনৰ পৰাই ৰাজ্যখনৰ বিভিন্ন স্থানলৈ শাক–পাচলি সৰবৰাহ হয়৷ জিলাখনৰ বিভিন্ন প্রান্তৰ লোকেও এই বজাৰখনৰ পৰা শাক–পাচলি ক্রয় কৰে৷ শেহতীয়াভাৱে এই বজাৰখন মধ্যভোগীৰ কবলত পৰিছে৷ যাৰ বাবে এতিয়া শাক–পাচলিৰ মূল্য বৃদ্ধি হৈছে৷ এক কথাত ক’বলৈ গ’লে শাক–পাচলিৰ বজাৰত এতিয়া অব্যাহত আছে মূল্যবৃদ্ধিৰ জুই৷ আলু, বেঙেনা, বিলাহী, মূলা, গাজৰ, কবি, জলকীয়া আদি প্রত্যেকবিধ শাক–পাচলি উচ্চ দৰত বিক্রী হৈছে৷ যাৰ বাবে সর্বসাধাৰণ ৰাইজ বিপাঙত পৰিছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল উচ্চ দৰত শাক–পাচলি বজাৰত বিক্রী হ’লেও মূৰৰ ঘাম মাটিত পেলাই বহু কষ্টৰে উৎপাদন কৰা কৃষকসকলে শাক–পাচলিৰ উচিত মূল্য পোৱা নাই৷ দৰিদ্র এই সাধাৰণ কৃষকৰ কষ্টোপার্জিত ফচলৰ ওপৰত মুনাফা লুটিছে মধ্যভোগী ব্যৱসায়ীয়ে৷ জিলাখনৰ বিভিন্ন স্থানত এয়া দেখিবলৈ পোৱা গৈছে৷ বিশেষকৈ নগাঁও জিলাৰ ধিং, জুৰীয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ লগতে চৰাঞ্চলৰ কৃষকসকলে উৎপাদন কৰে বৃহৎ পৰিমাণৰ বিভিন্ন ধৰণৰ শাক–পাচলি৷ দৈনিক অসমৰ বিভিন্ন প্রান্তলৈ এই শাক–পাচলি সৰবৰাহ হোৱাৰ লগতে বহিঃৰাজ্যলৈ যায় বৃহৎ পৰিমাণৰ শাক–পাচলি৷ স্থানীয়ভাৱে বৃহৎ বজাৰ থকাৰ পিছতো ধিং, জুৰীয়াকে ধৰি বিভিন্ন অঞ্চলত কৃষকে উৎপাদিত ফচলৰ উচিত মূল্য লাভ নকৰে৷ তাৰ বিপৰীতে একাংশ মধ্যভোগী ব্যৱসায়ীয়ে কম মূল্যত কৃষকৰ পৰা পাচলি ক্রয় কৰি মুনাফা লুটি আহিছে৷ এই অঞ্চলসমূহৰ লগতে চৰাঞ্চলৰ কৃষকে জলকীয়া কেজিত ১৬/১৭ টকা, ফুলকবি ১২/১৩ টকা, বন্ধাকবি ৮/১০ টকা, বেঙেনা ৮/৯ টকা, ৰঙালাউ ১০/১২ টকা, বিলাহী ৩৫/৪০ টকা দৰত ব্যৱসায়ীক বিক্রী কৰি আহিছে৷ কিন্তু গাঁও অঞ্চলৰ বজাৰসমূহত গ্রাহকে জলকীয়া প্রতিকেজিত ৫০/৬০ টকা, ফুলকবি ৪০/৪৫ টকা, বন্ধাকবি ৩০/৩৫, বেঙেনা ৩৫/৪০ টকা, ৰঙালাউ ৪০/৪৫ টকা, বিলাহী ৯০/১০০ টকা, কেঁচা মটৰ ১০০/১২০ টকা দৰত ক্রয় কৰিব লগা হৈছে৷ তদুপৰি গাজৰ, বিট আদিও উচ্চ দৰত ক্রয় কৰিব লগা হৈছে৷ নগৰত শাক–পাচলিৰ মূল্য আৰু বেছি৷

You might also like