নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত ফুচুলাই মাতি নাবালিকাক ধৰ্ষণ

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ বিগত কিছুদিন ধৰি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা বহু অপৰাধজনিত ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে জিলাখনৰ জামুগুৰি পাঁচআলিত সংঘটিত হ’ল অনুৰূপ এক ঘটনা। এগৰাকী ৯ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি আৰক্ষী জালত পৰিল লক বাহাদুৰ ছেত্ৰী (৪৯) নামৰ এজন ব্যক্তি। ঘটনাৰ প্ৰাপ্ত অভিযোগ অনুসৰি, ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি পাঁচআলিৰ ৩ নং শান্তিপুৰ নেপালী গাঁৱৰ নিৱাসী সূৰ্য বাহাদুৰ ছেত্ৰীৰ ৯ বছৰীয়া কন্যাই এসপ্তাহমান পূৰ্বে একে গাঁৱৰে প্ৰয়াত কন বাহাদুৰ ছেত্ৰীৰ পুত্ৰ লক বাহাদুৰ ছেত্ৰীৰ পথাৰত ভুঁই ৰুই দিবলৈ গৈ ঘৰত নৈশ যাপন কৰে। কিন্তু নিজৰ বাসনা চৰিতাৰ্থৰ বাবে নিজা নাতিনী বয়সৰ ছোৱালীগৰাকীক ফুচুলাই লক বাহাদুৰে নিশাৰ ভাগত বলাৎকাৰৰ দৰে লজ্জাজনক কাৰ্য সংঘটিত কৰে।

এই কু- কৰ্মৰ সন্দৰ্ভত যোৱা ১৬ জুলাইত নাবালিকাই ককা- আইতাক্ৰমে শিৱ ছেত্ৰী আৰু সৰস্বতী ছেত্ৰীক অৱগত কৰে। ততালিকে পিছদিনা দিনৰ প্ৰায় ১১ বজাত শান্তিপুৰ স্বাস্থ্য উপকেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিয়ে। উক্ত দিনাই ভুক্তভোগীৰ পৰিয়ালে ঘটনাটো শান্তিপুৰস্থিত আৰক্ষী কেম্পত বিষয়টো অৱগত কৰি আবেলি প্ৰায় ৪ বজাত ৰাজহুৱা বিচাৰ কৰিবলৈ চেষ্টা কৰে যদিও নিজা নাতিনী বয়সৰ নাবালিকাক অপকৰ্ম কৰিবলৈ অলপো কুন্ঠাবোধ নকৰা লক বাহাদুৰে উদ্যত হৈ চোকা অস্ত্ৰৰে প্ৰতিৱেশী পুন ছেত্ৰী (৪১) আৰু কেৰ ছেত্ৰী (৩০) ক আক্ৰমণ কৰে।

ইয়াৰ পিছতে ঘটনাস্থলীত বহু লোকৰ সমাগম হৈ এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত উপায়ন্তৰ হৈ নাবালিকাগৰাকীৰ ককা শিৱ ছেত্ৰীয়ে ধেমাজি সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত ধেমাজি থানাত ২৯২/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৬ ধাৰা আৰু আৰ/ডব্লিউ পচক’ৰ ৪ মতে গোচৰ ৰুজু কৰি আৰক্ষীয়ে ধৃত লক বাহাদুৰ ছেত্ৰীক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে ঘটনাৰ উচিত বিচাৰ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে।

You might also like