নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজি জিলা স্বাস্থ্য বিভাগলৈ লায়ন্স ক্লাবৰ ৩০ টা পিপি ই কিট যোগান; ৫ হেজাৰ মাস্ক বিতৰণ

নিয়মীয়া বাৰ্তা, ৩০ জুলাই: ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ উপস্থিতিত গ্ৰেটাৰ চিলাপথাৰ লায়ন্স ক্লাবে স্বাস্থ্য বিভগলৈ আজি ৩০ টা পি পি ই কীট যোগান ধৰে । কভিড ১৯ বেমাৰ প্ৰতিৰোধ আৰু সজাগতাক লৈ চিলাপথাৰ জৈন মন্দিৰত অনুষ্ঠিত হোৱা সভাত জিলা স্বাস্থ্য বিভাগৰ বিষয়া , চিলাপথাৰ প্ৰেছ ক্লাবৰ সাংবাদিক, লায়ন্স ক্লাবৰ নেতৃবৃন্দৰ মাজত অনুস্থিত হোৱা সভাত লাইন ক্লাবে স্বাস্থ্য বিভাগলৈ ৩০ টা কীট আগবঢ়াই। ২৯ জুলাই লৈকে জিলা খনত ৪২৯ জন গৰাকী কোভিড ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৯০ জন চিকিৎসাধীন হৈ আছে।

চিলাপথাৰ নগৰত বিনা মাস্ক পৰিধান কৰি ঘূৰি ফুৰা ব্যক্তি সকলক মাস্ক বিতৰণ কৰাৰ লগতে মুঠ ৫ হেজাৰ মাস্ক বিতৰণ কৰে। লায়ন্স ক্লাৱৰ এই পদক্ষেপক সভাত উপস্থিত স্বাস্থ্য বিষয়া সকলৰ লগতে সচেতন মহলে শলাগ লৈছে।

You might also like