নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ কপিলী নদীৰ সংহাৰত নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গড়েহাগী, উৰিয়া গ্ৰান্ট, কচুপিত, গোমোঠা গাওঁ, চকৰি গাওঁ, শ’লমাৰি, পানী গাঁও, ননৈ আদিকৰি কুৰিৰো অধিক বানৰ কৱলত পৰিছে। বসতি অঞ্চলৰ উপৰিও শ শ বিঘা কৃষি ভুমি বানৰ কবলত পৰাত কৃষক ৰাইজৰ অৱস্থা এতিয়া নাজল-নাথল । এটি কণমানি শিশুৱেও এটা তৌত উঠি নিৰাপদ ঠাই লৈ অহাৰ লগতে এগৰাকী মহিলাই শিশু সহ ঘৰৰ বৃদ্ধজনক তুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰাৰ এক বিপদজনক পৰিলক্ষিত হয়। আনহাতে বানাক্ৰান্ত ৰাইজে চৰকাৰৰ পক্ষৰ পৰাজ কোনোধৰণৰ সাহাৰ্য্য নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে। কৃষিক মুলধন হিচাপে লৈ পৰিয়াল পোহপাল দিয়া এইসকল কৃষকে নিজৰ সপোনৰ খেতিডৰা বানৰ কৱলত পৰাত মূৰে কপালে হাত দিব লগা হৈছে। নগাওঁ সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই গাঁও সমূহ বানৰ কৱলত পৰাত ৰাইজৰ বিলৈ বিপত্তিৰ সীমা নোহোৱা হৈছে।