নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত আছু-জাতীয় পৰিষদৰ কলা দিৱস পালন 

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: ৰাজ্যখনৰ লগতে নগাৱতো আজি নগাঁও সদৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত কলা দিৱস পালন কৰা হয়।২০১৯চনৰ আজিৰ দিনটোত অবৈধ বাংলাদেশীৰ ৰক্ষক,খিলঞ্জীয়া বিৰোধী, উত্তৰ পূৰ্বাঞ্চল বিৰোধী, সাম্প্ৰদায়িক ,নাগৰিকত্ব সংশোধনী বিধেয়কখনক ৰাজ্য সভাত অনুমোদন জনাইছিল।সেয়ে এই দিনটো ছাত্র সন্থাই কলা দিন হিচাপে পালন কৰি আহিছে ।সন্থাই এই বিধেয়কখন বাতিল কৰিবলৈ দাবী জনাই আহিছে। বিধেয়কখন বাতিলৰ দাবীত আজি নগাও সদৰ আঞ্চলিক ছাত্ৰ সন্থাই নগাও চহৰৰ ৰাজহুৱা স্থানত কলা পতাকা উত্তোলন কৰি কলা দিৱস পালন কৰে।

আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰুবুল কাকতি আৰু সম্পাদক গৌতম বৰাৰ নেতৃত্বত সন্থাৰ সদস্য সকলে এই কাযসূচীত অংশগ্ৰহণ কৰি বিধেয়কখন বাতিলৰ দাবী জনায়। ছাত্র নেতা দ্বয়ে কয় যে আমি কা মনা নাই।নামনো।কা বাতিল হবই লাগিব বুলি মন্তব্য কৰি সন্থাই অসম চুক্তি ৰূপায়ন কৰিবলৈ চৰকাৰক দাবী জনাইছে।আনহাতে অসম জাতীয় পৰিষদৰ নগাও জিলা সমিতিৰ উদ্যোগত নগাঁও শ্বহীদ ভবনৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰিষদে ৰাজ্যসভাত ২০১৯ চনৰ ১১ ডিচেম্বৰত কা বিধেয়ক গৃহীত কৰাৰ বাৱে আজি কলা দিৱস পালন কৰে ৷ এই কাৰ্য্যসূচীত পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি মিন্টু অাহিদ ,সম্পাদক উদ্দীপ্ত নাৰায়ন ৰজা আৰু ভবেন দাসকে ধৰি পৰিষদৰ নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে ৷

You might also like