নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত কলা শিক্ষণ বিষয়ক কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ কে , কে , সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত শকৰদেৱ শিশু বিদ্যা নিকেতন , মথুৰা নগৰত আজি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰৰ্যায়ত কলা শিক্ষণ বিষয়ৰ এক কৰ্মশালা অনুষ্ঠিত হয়। মুনীন বৰাৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ বিষয় শিক্ষক বসন্ত কুমাৰ গোস্বামীয়ে কলা(আৰ্ট) শিক্ষণ সম্পৰ্কে বিস্তৃত ভাবে ব্যাখ্যা দাঙি ধৰে । কৰ্মশালাত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক শৰৎ হাজৰিকা , অধ্যাপক ক্ৰমে কল্যাণ বৰা , দিপাংকৰ মহন , শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য বিপ্লৱ দে আদিয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ শিক্ষক , ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ।

You might also like