নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মূল্যবৃদ্ধিৰ বিক্ষোভ 

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ পেট্ৰল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগাঁও জিলা সমিতিয়ে নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মহিলা সংগঠন টোৰ সদস্যা ও সমৰ্থক সকলে এই কাৰ্যসূচী অংশগ্ৰহণ কৰি ঊত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰবলৈ বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে‌। শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে সংগঠনটোৱে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে।

You might also like