নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত কভিডৰ প্ৰতিষেধক প্ৰদান

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ নগাঁও চহৰৰ পানীগাঁও শিৱনগৰস্থিত অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠত আজি নগাঁও জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত কভিড প্ৰতিষেধক প্ৰদান কৰাৰ লগতে বিদ্যালয়খনৰ কাণেৰে নুশুনা অনুভৱ কৰা শিশুসকলৰ পৰীক্ষা কৰে। বিদ্যালয় খনৰ ১২ বছৰ বয়সৰ পৰা ১৪ বছৰ বয়সৰ শিক্ষাৰ্থীসকলক পুৱা ১০.৩০ বজাৰ পৰা কভিড প্ৰতিষেধক প্ৰদান কৰে। শিশুসকলকো সুৰক্ষিত কৰি ৰখাৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এই কভিড প্ৰতিষেধক বিদ্যালয় খনৰ বহু সংখ্যক শিক্ষাৰ্থীয়ে গ্ৰহণ কৰে।

তদুপৰি জিলা খনৰ স্বাস্থ্য বিভাগৰ উদ্যোগতে আজি নৱৰূপ জাতীয় বিদ্যাপীঠৰ শিশুসকলৰ মাজৰ কাণেৰে নুশুনা বা কমকৈ শুনাৰ অনুভৱ কৰা শিক্ষাৰ্থীসকলক বিশেষজ্ঞ চিকিৎসকে বিনামূলীয়া কৈ পৰীক্ষা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এনে সৎ তথা মহৎ প্ৰচেষ্টা আৰু নি:স্বাৰ্থ সেৱা আগবঢ়োৱাৰ বাবে বিদ্যালয় খনৰ পৰিচালনা সমিতিয়ে কৃৰ্তজ্ঞতা জ্ঞাপন কৰিছে।

You might also like