নগাঁৱৰ পৌৰসভা-নগৰ সমিতিৰ এলেকাত প্ৰতি শনি-দেওবাৰে লকডাউন ঘোষণা
নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ক’ভিড-১৯ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নগাওঁ জিলা প্ৰশাসনে শনিবাৰে ২৭ জুনৰ পৰা সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ জনতা সান্ধ্য আইন বলৱৎ কৰিছে। ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে আৰু জনস্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাওঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই ভাৰতীয় দণ্ডবিধি ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাখনতে প্ৰতিদিনে সন্ধ্যা ৭ বজাৰ পৰা পিছদিনা পুৱা ৭ বজালৈকে সান্ধ্য আইন বলৱৎ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।
তদুপৰি সপ্তাহৰ প্ৰতিটো শনি আৰু দেওবাৰে জিলাখনৰ নগাওঁ পৌৰসভা, ধিং, কামপুৰ আৰু ৰহা নগৰ সমিতি এলেকাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। সান্ধ্য আইন আৰু লকডাউনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৱলী সকলোকে কঠোৰ ভাৱে পালন কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। নিৰ্দেশনাৱলী উলংঘাকাৰী সকলৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকলোকে সতৰ্ক কৰি দিছে।