নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাৰ গ্ৰামাঞ্চলত অলিয়ে-গলিয়ে ভেজাল পেট্ৰল-ডিজেলৰ ৰমৰমীয়া বেহা:  উচ্চ দৰত বিক্ৰী

নিয়মীয়া বাৰ্তা, ২৯ মে’: লখিমপুৰ জিলাৰ বৃহত্তৰ নাওবৈচাৰ বিভিন্ন প্ৰান্তত অবৈধ ভেজাল পেট্ৰল ডিজেলৰ উভৈনদী হৈ পৰিছে। সমগ্ৰ অঞ্চলটোতে একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে অলিয়ে-গলিয়ে অবৈধভাৱে পেট্ৰল-ডিজেলৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উঠিছে। অঞ্চলটোৰ প্ৰধান ব্যৱসায়ীক কেন্দ্ৰস্থলসমূহৰ লগতে গ্ৰামাঞ্চলৰ বহু ভিতৰুৱা অঞ্চলসমূহত দীৰ্ঘ দিন ধৰি আৰক্ষী প্ৰশাসনৰ সন্মুখতে বিক্ৰী হৈ আহিছে।
উল্লেখ্য যে পেট্ৰল-ডিজেলৰ অবৈধ ব্যৱসায়ীসকলে নিকটৱৰ্তী কোনো পেট্ৰল ডিপোৰ সৈতে ভিতৰুৱা বুজাবুজি কৰি ইন্ধন সংগ্ৰহ কৰে। পৰৱৰ্তী সময়ত এই পেট্ৰল-ডিজেলত কন্টেছাৰ অথবা কেৰাচিন জাতীয় দ্ৰৱ্য মিহলাই ভেজাল কৰি গ্ৰাহকক উচ্চ দৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে। লক্ষণীয় কথাটো হল যে আৰক্ষী প্ৰশাসনৰ লোকে পেট্ৰল ডিজেল এনেদৰে অবৈধ ভাৱে বিক্ৰী হৈ থকা দেখিও ৰোধ কৰাৰ পৰিবৰ্তে চকুমুদা ভাও জোৰা বুলিও অভিযোগ উঠিছে। আনহাতে যিকোনো পেট্ৰল ডিজেল অথবা ইন্ধন সামগ্ৰী বিক্ৰী কৰিবলৈ চৰকাৰীভাৱে অনুজ্ঞাপত্ৰ থকাটো বাঞ্চনীয়। কিন্তু নাওবৈচাৰ এইসকল ব্যৱসায়ীয়ে কোনো অনুমতি নোহোৱাকৈ স্বইচ্ছাৰে বহু বছৰ ধৰি প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই অবৈধভাৱে পেট্ৰল-ডিজেল বিক্ৰী কৰি আহিছে।
উল্লেখ্য যে নাওবৈচা কলেজে তিনিআলি,দলহাট চাৰিআলি, দলহাট বজাৰ, ৰাজআলি, গড়ছিগা,শালমৰা, পহুমৰাকে ধৰি প্ৰধান ব্যৱসায়ীক কেন্দ্ৰস্থলৰ লগতে গ্ৰামাঞ্চলৰ বহু ভিতৰুৱা এলেকাত অসাধু ব্যৱসায়ীসকলে ভেজাল পেট্ৰল-ডিজেল অধিক মূল্যত বিক্ৰী কৰি আহিছে।
You might also like