নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামখলাত বিশিষ্ট কবি, চিত্ৰশিল্পী ৰাজেশ্বৰ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি 

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ অসমৰ আধুনিক চিত্ৰকলাৰ অগ্ৰদূত, বিশিষ্ট কবি , চিত্ৰ শিল্পী তথা ৰামধেনু সাহিত্য চক্ৰৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ৰাজেশ্বৰ শৰ্মাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান এটি আজি নামখলাত অনুষ্ঠিত হয় । ৰামধেনু সাহিত্য চক্ৰৰ উদ্যোগত চক্ৰৰ কাৰ্যকৰী সভাপতি ফজলুল হক চৌধুৰীৰ সঞ্চালনাত নামখলা কলা কৃষ্টি পৰিষদ প্ৰাংগণত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি ৰূপে অংশ লৈ অসম চাৰু কাৰু কলা পৰিষদৰ সম্পাদক কমল কুমাৰ মহন্তই প্ৰয়াত ৰাজেশ্বৰ শৰ্মাৰ সৃষ্টি ৰাজিৰ গুণানুকীৰ্তন কৰি শৰ্মাই অসমত চিত্ৰ কলা চৰ্চাৰ ভেটি সুদৃঢ় কৰি থৈ গ’ল বুলি মন্তব্য কৰে । কলা সাধনাই শৰ্মাৰ জীৱনৰ ব্ৰত আছিল বুলি উল্লেখ কৰি মহন্তই লগতে কয় যে শৰ্মাৰ প্ৰতিটো সৃষ্টিত বিৰাজমান হৈ আছে আধুনিকতাৰ পৰশ । আধুনিক চিন্তাৰে পৰিপুষ্ট সৃষ্টি ৰাজিৰে শৰ্মাই অসমৰ আধুনিক চিত্ৰকলাৰ অগ্ৰদূত ৰূপে নিজকে চিনাকি দি যাবলৈ সক্ষম হৈছে । অসম চাৰু কাৰু কলা পৰিষদৰ উপসভাপতি তথা বিশিষ্ট চিত্ৰ শিল্পী জ্যোতি প্ৰসাদ দাসে প্ৰয়াত শৰ্মাৰ সান্নিধ্যৰ কথা  স্মৃতি চাৰণ কৰি কয় যে ৰাজেশ্বৰ শৰ্মা আছিল এজন নীৰৱ কলা সাধক যাৰ সান্নিধ্যই মানুহক সৃষ্টিৰ অনুপ্ৰেৰণা যোগাইছিল ।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰামধেনু সাহিত্য চক্ৰই প্ৰকাশ কৰি উলিওৱা বাৰ্ষিক পত্ৰিকা ‘ৰামধেনু’ উন্মোচন কৰে নান্দনিক সাহিত্য চৰাৰ সম্পাদক কমলা কান্ত ডেকাই । পত্ৰিকা উন্মোচন কৰি ডেকাই কয় যে প্ৰয়াত ৰাজেশ্বৰ শৰ্মাৰ নেতৃত্বত  ডাঙৰ-দীঘল হোৱা ৰামধেনু সাহিত্য চক্ৰই কলা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰ খনত এক যোগাত্মক চিন্তাৰে কাম কৰি নতুন প্ৰজনক সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰিবলৈ এক পৰিৱেশ দিবলৈ সক্ষম হৈছে । শৰ্মাৰ কবিতা সমুহৰ বিশ্লেষণ দাঙি ধৰি ডেকাই আৰু কয় যে ৰাজেশ্বৰ শৰ্মা আছিল প্ৰকৃতাৰ্থত এজন মনন শীল , প্ৰগতিশীল চিন্তাৰ উচ্চ খাপৰ কবি । বিশিষ্ট লেখক দুলাল হাজৰিকাই আঁত ধৰা উক্ত অনুষ্ঠানত কমলা কান্ত শৰ্মা, অতুল বৰুৱা, শৰৎ হাজৰিকা, গিৰীশ কলিতা, ভূপেন চহৰীয়া, জিতেন কলিতাকে ধৰি ভালে সংখ্যক নেতৃস্থানীয় লোকে অংশ লৈ প্ৰয়াত শৰ্মাৰ কৰ্ম আৰু সৃষ্টি ৰাজিৰ বিশ্লেষণ দাঙি ধৰে ।  এটি বৃন্দ গানেৰে আৰম্ভ কৰা এই অনুষ্ঠানটিত  বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে জ্যেষ্ঠ নাগৰিক কমলা কান্ত শৰ্মাই । প্ৰয়াত ৰাজেশ্বৰ শৰ্মাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে নামখলাৰ জ্যেষ্ঠ নাগৰিক গোলোক বৰুৱাই । চিত্ৰ প্ৰদৰ্শনী উন্মোচন কৰে আন এগৰাকী জ্যেষ্ঠ নাগৰিক ৰন্তি ৰাম বৰুৱাই । ৰামধেনু সাহিত্য চক্ৰৰ সম্পাদক গজেন হাজিৰকাই আজিৰ অনুষ্ঠানত উপস্থিত থকা সুধী বৃন্দক ধন্যবাদ জ্ঞাপন কৰে ।

প্ৰেৰকঃ ধীৰেন মহলীয়া

You might also like