নির্বিকাৰ চৰকাৰঃ কালদিয়াৰ খহনীয়া প্রতিৰোধত নামিল সুন্দৰপুৰবাসী
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ পাটাছাৰকুছিৰ সুন্দৰপুৰবাসীয়ে কালদিয়া নৈৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে বিভাগীয় কর্তৃপক্ষক কেইবাবাৰো আবেদন জনাই সুফল নাপালে যাৰ বাবে গাঁওবাসীয়ে নিজা প্রচেষ্টাৰে নৈৰ গৰাখহনীয়া প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰে৷ উল্লেখ্য যে পাটাছাৰকুছি পৌৰসভাৰ ৫নং ৱার্ডৰ সুন্দৰপুৰত কালদিয়া নৈৰ খহনীয়াই ভাবুকি সৃষ্টি কৰিছে৷ উপায়হীন সুন্ধৰপুৰৰ মৃণাল দাস, সুভাষ ৰয়, কমল ৰয়, ধনমণি দাস, ৰিংকু দাস আৰু গীতুমণি দাসৰ পৰিয়ালৰ লোকসকল লগ হৈ বাঁহেৰে খহনীয়া প্রতিৰোধৰ ব্যৱস্থা গঢ়ি তোলে৷ কাৰণ বাৰিষাৰ পূর্বে যদি পূর্বৰ খহনীয়া প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰা নহয়, তেন্তে নৈপৰীয়া পৰিয়ালকেইটাৰ বাসগৃহ জাহ যোৱাৰ সম্ভাৱনা প্রকট হৈছিল৷
তেনে অৱস্থাত এই লোকসকলে ওলাই আহি বাঁহ যোগাৰ কৰি আৰু ওচৰ–চুবুৰীয়াৰ পৰাও বাঁহ সংগ্রহ কৰি নৈৰ বুকুত নামি পার্কিউপাইন আর্হিত প্রতিৰোধৰ ব্যৱস্থা গঢ়ি তুলিছে৷ সেই স্থানত কেইবাটাও এনে পার্কিউপাইন নিদিলে গহনীয়া ৰোধ কৰিব পৰা নাযাব৷ লোকসকলে ইতিমধ্যে দুটা পার্কিউপাইন সাজি উলিয়াইছে আৰু নিজৰ গাঁঠিৰ ধন আৰু পৰিশ্রমেৰে এনে কেবাটাও পার্কিউপাইন সজাৰ পৰিকল্পনা গ্রহণ কৰিছে৷ স্থানীয় ৰাইজে পুনৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে সঠিক ব্যৱস্থা গ্রহণ কৰিবলৈ বিভাগীয় কর্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে৷