নিশা মাতৃৰ বুকুৰ মাজৰ পৰা কাঢ়ি নি ১৮ দিনীয়া নৱজাতকক বর্বৰোচিত হত্যা দুর্বৃত্তৰ
নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকী এলেকাৰ নানকাৰগাঁৱত যোৱা মাজনিশাৰ ভাগত এঘৰৰ শোৱাপাটীৰ পৰা এটি নৱজাতকক কোনো দুষৃকতিকাৰীয়ে চুৰি কৰি লৈ যোৱা ঘটনাই সমগ্র এলেকাটোত চাঞ্চল্য সৃষ্টি কৰিছে৷
ঘটনা সন্দর্ভত জানিব পৰা মতে, যোৱানিশা ১১মান বজাত নানকাৰগাঁৱৰ বিনয় সূত্রধৰ নামৰ লোকজনে নিজৰ এটি মাত্র ওঠৰদিনীয়া পুত্র সন্তানক লৈ পত্নীসহ নিজৰ শোৱাপাটীত শুই আছিল৷ কিছু সময় পাছত পিতৃ–মাতৃ দুয়ো টোপনিত লালকাল হোৱাৰ সুযোগতে কোনো দুষ্কৃতিকাৰীয়ে গৃহত প্রৱেশ কৰি নৱজাতকটিক চুৰি কৰি লৈ যায়৷কিছুসময় পাছত মাতৃগৰাকীয়ে সাৰ পাই নিজৰ সন্তানটিক শোৱাপাটীত দেখা নাপাই চিঞৰ–বাখৰ কৰিবলৈ আৰম্ভ কৰে৷ এনেতে ওচৰ–চুবুৰীয়া আহি নিশাৰ অন্ধকাৰৰ মাজতে বিভিন্ন স্থানত সন্ধান কৰিও সন্তানটিৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে৷
পুৱাৰ ভাগত ঘটনা সন্দর্ভত বিনয়ে বিদ্যাপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিনয়ৰ ঘৰৰ আশে–পাশে বিচাৰ–খোঁচাৰ কৰি থাকোঁতে আজি দিনৰ ১২ বজাত বিনয়ৰ ঘৰৰ সমীপৰ এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত নৱজাতকটিৰ মৃতদেহটি উদ্ধাৰ কৰে৷
ইফালে আৰক্ষীয়ে ঘটনা সন্দর্ভত জোৰ তদন্ত অব্যাহত ৰাখি নৱজাতকৰ মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰিছে৷ ঘটনা সন্দর্ভত সোধা–পোছা কৰাৰ বাবে আৰক্ষীয়ে বিনয় সূত্রধৰক বিদ্যাপুৰ আৰক্ষী চকীলৈ লৈ গৈছে৷