নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ বাতৰিৰ প্ৰভাৱঃ সোণাৰি চাপৰিত পে টু ডমপমৰ কাম পৰিদৰ্শন কৰিলে বিধায়ক নব কুমাৰ দলেই

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ লখিমপুৰ জিলাৰ লোক নিৰ্মাণ বিভাগৰ অন্তগত ঘিলামৰা সংমণ্ডলৰ  অধিনত ২০১৮ চনৰে পৰাই নিৰ্মাণ  চলি থকা জালভাৰী বকুলবাৰী পথ নিৰ্মাণত পে টু ডমপম নামৰ পথ নিৰ্মাণ কাৰী সংস্থাটোৱে চলাই অহা  ব্যাপক দুৰ্ণীতি অনিয়ম কৰাৰ অভিযোগৰ বাতৰি নিয়মীয়া বাৰ্তা ডিজিটেলত প্ৰকাশ পাই অহাৰ পিছতেই ঢকুৱাখনাৰ বিধায়ক তথা বিজেপি শাসিত মিত্ৰজোঁট ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী নব কুমাৰ দলেই আজি অতকিতে আহি সংস্থাটোৰ কাম পৰিদৰ্শন কৰি স্তম্ভিত হোৱাৰ লগতে ডিজিটেলৰ বাতৰিৰ সত্যতা উপলব্ধি কৰে  ৷

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত ৯ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৩ খন পকী দলং সহ নিৰ্মাণ কৰিব লগা পশ্চিম ঢকুৱাখনা আৰু সোণাৰি চাপৰি সংযোগী জালভাৰী বকুলবাৰী পথৰ  ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ  পথ অংশ নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰাই চুড়ান্ত অনিয়ম কৰি অহা পথ নিৰ্মাণকাৰী সংস্থাটোৱে চাৰিকড়িয়া নদীৰ ওপৰৰ দলংৰ দুয়োটা এপ্ৰচতে  কম মাটি দি অতি ঠিয়কৈ নিৰ্মাণ কৰাৰ লগতে চাইদ বামত মাটি  কমকৈ দি চিচিব্লকেৰে পকীকৰণ কৰাত চ’ত মাহৰ সামান্য বৰষুণতে বিধস্ত হোৱাতো  ঠিকাদাৰ গোষ্ঠীৰ চুড়ান্ত অনিয়মৰ জলন্ত প্ৰমাণ বুলি স্বানীয় ৰাইজে কৰা অভিযোগৰ বাতৰিও অলপতে নিয়মীয়া বাৰ্তাৰ ডিজিটেল সেৱাত প্ৰকাশ পোৱাৰ পিছতেই  আজি পুৱা ভাগতে বিধায়কগৰাকীয়ে পথটোত সোণাৰি চাপৰি আৰু পশ্চিম ঢকুৱাখনা দুই  পঞ্চায়তৰ সীমা ৰেখা চাৰিকৰীয়া নদীৰ ওপৰৰ নিৰ্মীয়মাণ পকী দলংত’ উপস্থিত হৈ ঠিকাদাৰ গোষ্ঠীটোৰ কাম  কাজ পৰিদৰ্শন কৰি আচঁনি মতে কাম সম্পূৰ্ণ কৰিবলৈকো ঠিকাদাৰ গোষ্ঠীক নিৰ্দেশ দিয়ে ৷

You might also like