নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত জীৱন বন্ধু অনন্ত মোহন শৰ্মা স্মাৰক বক্তৃতানুষ্ঠানত হৃষীকেশ গোস্বামী

নিয়মীয়া বাৰ্তা,  ২৩ অক্টোবৰ: এখন সমাজ যদি মূল্যবোধ সম্পন্ন আৰু সহনশীল হয়, তেনে সমাজত মানুহৰ জীৱনযাত্ৰাৰ প্ৰবাস অতি শান্তিপূৰ্ণ হয়৷ ” এই মন্তব্য বিশিষ্ট চিন্তাবিদ হৃষিকেশ গোস্বামীৰ৷ বজালীৰ এগৰাকী অন্যতম অভিভাৱক, বজালী মহাবিদ্যালয়ৰ অধ্যাপক, লেখক, জীৱন বন্ধু উপাধিৰে বিভূষিত প্রয়াত অনন্ত মোহন শৰ্মাৰ পঞ্চম মৃত্যু বার্ষিকীৰ উপলক্ষত তেওঁৰ শ্ৰদ্ধাৰ স্মাৰক ৰূপে ‘শ্ৰদ্ধা, পাঠশালা’ৰ উদ্যোগত আজি আয়োজিত চতুৰ্থ সংখ্যক বক্তৃতানুষ্ঠানত “সাম্প্রতিক সময়- সমাজ আৰু মূল্যবোধ” শীর্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি বিশিষ্ট লেখক, চিন্তাবিদ তথা অসম শিশু সাহিত্য ন্যাষৰ অধ্যক্ষ হৃষীকেশ গোস্বামীয়ে প্ৰয়াত শৰ্মাৰ সতে গুৱাহাটী বিশ্ববিদ্যালয়ত সহপাঠী হিচাপে কটোৱা ছাত্ৰ জীৱনৰ স্মৃতিচাৰণ তেওঁৰ সতে ব্যক্তিগত সম্পৰ্কৰ কথা উল্লেখ কৰে৷

বক্তৃনাুষ্ঠানৰ বিষয়বস্তু সন্দৰ্ভত অতি সাৱলীল আৰু মনোগ্ৰাহী ভাষণ প্ৰদান কৰি তেওঁ কয় যে ই এক অতি স্পৰ্শকাতৰ আৰু গুৰিত্বপূৰ্ণ বিষয়৷ অনন্ত মোহন শৰ্মাৰ স্মৃতিত শ্ৰদ্ধাই এনেকুৱা এটা বিষয় উত্থাপন কৰাৰ বাবে “শ্ৰদ্ধা, পাঠশালা” শ্ৰদ্ধাৰ পাত্ৰ বুলি মন্তব্য কৰি গোস্বামীয়ে কয় যে মূল্যবোধ বিষয়টো কেৱল মুখৰ কথা নহয়৷ ইয়াক কাৰ্যক্ষেত্ৰত প্ৰতিষ্ঠা কৰিব নোৱাৰিলে সেই বিষয়ত এনেয়ে ভাষণ দিয়াটো এক মূল্যহীন কথা৷ যুদ্ধ আৰু হিংসাৰ মাজতো কেনেদৰে মানৱ প্ৰেম থাকিব পাৰে সেই সন্দৰ্ভত প্ৰাচ্য আৰু পাশ্চাত্যৰ বহু বিশিষ্ট লেখকৰ উদ্ধৃতিৰে তেওঁ সাৱলীল ভাষাৰে উপস্থিত সকলোকে বুজাই দিয়ে৷ মনোজ্ঞ অনুষ্ঠানটোত গোস্বামীয়ে কয় যে প্ৰকৃতিৰ এক অতি শক্তিশালী সত্বা হৈছে নদী৷ এই নদীতকৈ শক্তিশালী সাগৰ আৰু সাগৰতকৈ শক্তিশালী মহাসাগৰ৷ কিন্তু মহাসাগৰতকৈও শক্তিশালী হৈছে শব্দ৷ এই শব্দৰ মাজেৰে অনন্ত মোহন শৰ্মাই এখন নতুন সমাজক পথ প্ৰদৰ্শন কৰাৰ যথেষ্ট অহোপূৰুষাৰ্থ কৰিছিল৷ তেওঁ লেখা প্ৰৱন্ধবোৰৰ মাজেৰে এনেকুৱা ইংগিত স্পষ্টভাৱে পোৱা যায়৷ শব্দৰ শক্তিৰে সমাজ এখনত মানুহে বিচৰাতকৈ বহু বেছি ধৰণে পৰিৱৰ্তনৰ জোৱাৰ আনিব কৈ তেওঁ কয় যে প্ৰেম, ভালপোৱা, বিশ্বাস বিহীন সমাজ এখন মৰুভূমিৰ লেখীয়া বুলি মন্তব্য কৰি গোস্বামীয়ে কয় যে এনেকুৱা সমাজৰ বিৰুদ্ধে অনন্ত মোহন শৰ্মাই সদায গৰজি উঠিছিল৷ প্ৰেম, বিশ্বাস, শ্ৰদ্ধা, ভালপোৱাৰে ৰুক্ষ সমাজক তেওঁ মৰুদ্যানলৈ পৰিণত কৰাৰ বাবে শৰ্মাই জীৱনকালত যথেষ্ট পৰিমাণে চেষ্টা কৰিছিল৷

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত সৰোজ চৌধুৰী, দিপাংক শৰ্মা, ড০ প্রদুন্ম শৰ্মা, জ্যোতিষ চৌধুৰী আৰু কুমুদ চন্দ্ৰ কলিতাৰ বিশেষ সহযোগত অনুষ্ঠিত শ্ৰদ্ধা- পাঠশালাৰ অন্যতম কর্মকর্তা পুলু কুমাৰ শর্মাই উদ্দেশ্য ব্যাখ্যা কৰি আঁত ধৰা এই বক্তৃতানুষ্ঠানটোৰ উদ্বোধন কৰি বিশিষ্ট চিকিৎসক ডাঃ হিতেশ তালুকদাৰে প্ৰয়াত শৰ্মাৰ স্মৃতি চাৰণ কৰি কয় যে অনন্ত মোহন শৰ্মা আছিল এগৰাকী বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি৷ এগৰাকী কৰ্কট আক্ৰান্ত ৰোগী হিচাপে তেওঁ এই ঘাটক ৰোগটোক প্ৰতি মুহূৰ্ততে প্ৰত্যাহ্বান জনাই সমাজৰ হ’কে কাম কৰি গৈছিল৷ এনেকুৱা এক দুৰাৰোগ্য ৰোগত আত্ৰান্ত হৈয়ো জীৱন সংগ্ৰামত কেনেদৰে আগবাঢ়ি যাব পাৰি সেই দিশত তেওঁ নিজকে প্ৰস্তুত কৰাৰ লগতে সমাজক যি প্ৰেৰণা যোগাইছিল তাৰ ফলস্বৰূপেই তেওঁ কৰ্কট ৰোগৰ চুড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ পিছতো চাৰি-পাঁচ বছৰ কাল জীয়াই আছিল৷ এনে এগৰাকী অটুত মনোবলী ব্যক্তি অকল আদৰ্শই নহয়, অনুপ্ৰেৰণাৰো উৎস বুলি ডাঃ তালুকদাৰে মন্তব্য কৰে৷

উল্লেখ্য যে একেধাৰে বিশিষ্ট শিক্ষাবিদ, লেখক, নিবন্ধকাৰ, সাংবাদকর্মী, বুদ্ধিজীৱী, কবি, গীতিকাৰ, কার্টুনিষ্ট, সুনিপুণ বাহীবাদক, অভিনেতা, সমাজ সংগঠক তথা সু-বক্তা বজালী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক অনন্ত মোহন শৰ্মাৰ চাৰিবছৰ পূৰ্বে দেহবসান ঘটিছিল। সৰ্বসাধাৰণৰ পৰা আৰম্ভ কৰি বৌদ্ধিক সমাজখনৰ বাবেও চিন্তা কৰা বজালীৰ এগৰাকী দায়বদ্ধ অভিভাৱক প্রয়াত শৰ্মাৰ স্মৃতিত প্ৰতি বছৰৰ দৰে এইবেলিও শ্রদ্ধা- পাঠশালাই আয়োজন কৰা বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত শৰ্মাৰ কণিষ্ঠ ভাতৃ ৰাজীৱ শর্মাই। শ্ৰদ্ধাৰ অন্যতম কাৰ্যকৰ্তা তথা অধ্যাপক পৰাগ বৰ্মণে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত নাট্যযোদ্ধা কৃষ্ণ ৰয়, চিকিৎসক ডাঃ সুব্ৰত শৰ্মা, টিকেন্দ্ৰজিৎ পাটগিৰি, অধ্যাপক দীপিকা ডেকা, আনন্দ খাটনিয়াৰ, মৃনাল চন্দ্ৰ কলিতা, ড৹ ভূপেন্দ্ৰ তালুকদাৰ, অতুল কলিতা, নয়নেন্দ্ৰ দেৱ শৰ্মা সমন্বিতে ভালে সংখ্যক গুণীজ্ঞানী ব্যক্তি উপস্থিত থাকে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like