পানী নাইঃ মোৰাঝাৰৰ কোৱাৰেণ্টাইন কেম্পত বাল্টি লৈ প্রতিবাদ
নিয়মীয়া বাৰ্তা, ৩ জুনঃ হোজাই জিলাৰ মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্রত থকা লোকসকলে মঙলবাৰে পানী বিচাৰি প্রতিবাদ সাব্যস্ত কৰে৷ কোৱাৰেণ্টাইন কেন্দ্রত পানীৰ সুব্যৱস্থা নথকা বাবে এই লোকসকলে অভিযোগ দিয়াৰ তিনি দিনৰ পিছতো সুফল নোপোৱাত সৃষ্টি কৰে এক উত্তাল পৰিৱেশৰ৷
উল্লেখ্য যে এই কেন্দ্রত থকা লোকৰ বাবে চৰকাৰে পর্যাপ্ত ধন মোকলাই দিছে যদিও হোজাই–মোৰাঝাৰ কেন্দ্রত থকা লোকে পর্যাপ্ত পৰিমাণৰ সা–সুবিধা নোপোৱাত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ৷ এটুপি পানীৰ অভাৱত হাহাকাৰ কৰি থকা লোকসকলে মঙলবাৰে হাতে হাতে বাল্টি লৈ সাব্যস্ত কৰে প্রতিবাদ৷ উল্লেখ্য যে কালি ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই হোজাইৰ একাংশ কোৱাৰেণ্টাইন কেন্দ্র পর্যবেক্ষণ কৰি পৰিস্থিতিৰ বুজ লৈছিল৷ কিন্তু ইয়াৰ পিছতো কাৰ গাফিলতিত এনেদৰে কোৱাৰেণ্টাইনত থকা লোকসকলে এটুপি পানীৰ অভাৱত প্রতিবাদ সাব্যস্ত কৰিবলগীয়া হ’ল, তাকে লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷