পুনৰ স্বাভাৱীক অৱস্থালৈ ঘূৰি আহিল দিখৌ নৈৰ পানীৰ বৰণ
- এটা সপ্তাহৰ পিছতো প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বিভাগে উদ্ধাৰ কৰিব নোৱাৰিলে পানীৰ বৰণ সলনি হোৱাৰ কাৰণ
- এতিয়াও কাণসাৰ নাই ঢাল তৰোৱাল বিহীন বিভাগটোৰ
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ চিৰ যৌৱনা খৰস্ৰোতা দিখৌ নদীৰ পানীৰ বৰণ হৰ্ঠাৎ সলনি হৈ গাঢ় সেউজীয়া হৈ পৰাৰ প্ৰকৃত কাৰণ সুদীৰ্ঘ এটা সপ্তাহে উদ্ধাৰ কৰিব নোৱাৰিলে বিয়াগোম প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বিভাগে ৷ ইয়াৰ বিপৰীতে প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বিভাগৰ এই ৰহস্যজনক অনীহাৰ মাজতেই নৈ পৰীয়া সাধাৰণ ৰাইজৰ মুখলৈ হাঁহি বিৰিঙাই দিখৌ নদীৰ বক্ষ পুণৰ স্বাভাৱিক ভাৱেই পৰিৱৰ্তণ ঘটিল ৷ স্বাভাৱিক ভাৱেই পুৰ্বৰ স্বক্ৰীয় গৰিমা ঘূৰি অহা দিখৌ নদীৰ গাঢ় সেউজীয়া ৰঙ আতৰি নদীৰ স্বাভাৱিক পানীৰ ৰুপ ধাৰণ কৰিলে ৷ এই পৰিৱৰ্তণৰ বতৰাই শংকিত নৈপৰীয়া ৰাইজৰ মুখলৈ কঢ়িয়াই আনিলে হাঁহিৰ বতৰা ৷
ইফালে দিখৌ নদীৰ পানী ৰাসায়নিক বিষক্ৰিয়াৰ ফলত হৰ্ঠাৎ এনেদৰে পৰিৱৰ্তণ ঘটি নিশাটোৰ ভিতৰতেই হাজাৰ হাজাৰ থলুৱা মাছৰ মৃত্যু ঘটোৱাৰ পিছতেই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ ৰাইজৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ পিছতেই শিৱসাগৰস্থিত প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বিভাগে দিখৌ নদীৰ পানী সংগ্ৰহ কৰি গুৱাহাটীস্থিত পৰীক্ষা গাৰলৈ প্ৰেৰণ কৰিছিল যদিও আজি পৰ্য্যন্ত কিন্তু বিয়াগোম বিভাগটোৱে প্ৰকৃত কাৰণ ৰাজহুৱা কৰিবলৈ সক্ষম নহল ৷ ইয়াৰ বিপৰীতে কিন্তু প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বিভাগৰ কৰ্ম সংস্কৃৰ্তিৰ নমুনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷নিজকে আঞ্চলিক কাৰ্য্যালয়ৰ কৰ্মচাৰী বুলি দাবী কৰা এই বিয়াগোম বিভাগটো সচা অৰ্থত কাৰ্য্যত এটা ঢাল তৰোৱাল বিহীন বিভাগ যে তাকহে প্ৰমাণ কৰিলে ৷
বিশেষকৈ শিৱসাগৰস্থিত এই কাৰ্য্যালয়টোৰ অন্তৰ্গত অএনজিচিকে ধৰি বহু অনুস্থান প্ৰতিস্থান আছে ৷ ৰাজ্যখনৰ ভিতৰতেই অধিক তৈল খনন প্ৰতিস্থান থকা শিৱসাগৰ জিলাস্থিত বিভাগটোৰ এই পয়ালগা ছবিয়ে স্পষ্ট কৰি দিছে প্ৰকৃততে এই বিভাগটো কিদৰে শিৱসাগৰত পৰিচালিত হৈ আছে ৷ ইফালে সাধাৰণ পানীৰ বৰণ সলনি হোৱা এটা সৰু ঘটনাৰ কাৰণ উদ্ভাৱনৰ বাবে প্ৰদূৰ্ষণ নিয়ন্ত্ৰণ বিভাগক যিকোনো এখন মহাবিদ্যালয়ৰ এটা পৰীক্ষাগাৰেই যথেষ্ট আছিল ৷ কিন্তু জিলাখনত ইমান কেইখন আগ শাৰীৰ মহাবিদ্যালয়ৰ পৰীক্ষা গাৰ থকাৰ পিছতো কিয় বিভাগটোৱে দিখৌ পানীৰ বৰণ সলনি হোৱাৰ কাৰণ উদ্ভাৱনৰ বাবে গুৱাহাটীৰ পৰীক্ষাগাৰলৈ পানীৰ নমুনা প্ৰেৰণ কৰিব লগীয়া হল সেইয়াহে এই মুহূত্বত লাখটকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷