নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদামত মৃতদেহ লৈ পথ অৱৰোধ জনতাৰ

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ মৃত্যুৰ পূর্বে এজন যুৱকে ফেচবুকত আপলোড কৰা এটা ভিডি’ৱে এতিয়া তীব্র ৰহস্যৰ সৃষ্টি কৰিছে নগাঁৱৰ পুৰণিগুদামত৷ পুৰণিগুদাম ন’–আলিমূৰৰ ইয়াকিন আলী নামৰ যুৱকজনে এগৰাকী যুৱতীৰ ফেচবুক একাউণ্টৰ পৰা আপলোড কৰিছিল চাঞ্চল্যকৰ ভিডি’টো৷ ভিডি’টোত পুৰণিগুদামৰে এগৰাকী যুৱতীৰ পিতৃ তথা কংগ্রেছী নেতা কুতুবুদ্দিন বখতিয়াৰ আৰু এজন বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছিল মৃত যুৱকজনে৷ পুৰণিগুদাম ন’–আলিমূৰৰ ইয়াকিন আলীৰ সৈতে প্রেমৰ সম্পর্ক আছিল যুৱতীগৰাকীৰ৷ তিনি দিন পূর্বে ইয়াকিনে যুৱতীগৰাকীক লগত লৈ সন্ধানহীন হোৱাৰ সন্দর্ভত যুৱতীগৰাকীৰ পিতৃ কুতুবুদ্দিন বখতিয়াৰে পুৰণিগুদাম আৰক্ষীক অৱগত কৰিছিল৷ উক্ত ঘটনাৰ সন্দর্ভত আৰক্ষীয়ে অনুসন্ধান কৰিছে যদিও কোনো শুংসূত্র উলিয়াবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু সোমবাৰে মাজনিশা বখতিয়াৰ পৰিয়ালে যুৱকজনৰ সৈতে যুৱতীগৰাকী চামগুৰিৰ লৰিমুখত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰি পৰিয়ালৰ লোকে যুৱতীগৰাকীক লৈ আহে৷ ইয়াৰ পিছতেই ইয়াকিন আলীয়ে ফেচবুকত এটা ভিডিঅ’ৰ লগতে এখন ছুইচাইড নোট আপলোড কৰে আৰু যুৱতীগৰাকীক পিতৃগৃহলৈ লৈ অহাৰ লগতে কুতুবুদ্দিন বখতিয়াৰে এজন বিধায়কৰ জ্ঞাতসাৰে যুৱকজনৰ পৰিয়ালৰ লগতে যুৱকজনক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ তুলি ভিডি’কেইটা ফেচবুকত আপলোড কৰি আত্মহত্যা কৰাৰ কথা উল্লেখ কৰে৷

ইয়াৰ পিছতেই বিষপান কৰা বুলি জানিবলৈ দিয়া যুৱকজনক কাৱৈমাৰী চিকিৎসালয়ত ভর্তি কৰা হয় যদিও পুৱতিনিশা যুৱকজনৰ মৃত্যু হোৱা বুলি খবৰ লাভ কৰে পৰিয়ালৰ লোকে৷ লক্ষণীয়ভাৱে যুৱকজনৰ এই ৰহস্যজনক মৃত্যু সন্দর্ভত আৰক্ষীয়ে প্রকাশ কৰা নাই কোনো ধৰণৰ তথ্য তথা মন্তব্য৷ মৃত যুৱকজনৰ শৰীৰত আঘাতৰ চিন প্রত্যক্ষ কৰি যুৱকজনৰ পৰিয়ালৰ লোকে ৰকিবুল হুছেইনৰ সোঁহাত স্বৰূপ কংগ্রেছী নেতা কুতুবুদ্দিন বখতিয়াৰেই যুৱকজনক হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ আনহাতে যুৱকজনে প্রস্তুত কৰা ভিডিঅ’টো আৰু ছুইচাইড নোটত যুৱকজনৰ মৃত্যুৰ কাৰণ একমাত্র কংগ্রেছী নেতা কুতুবুদ্দিন বখতিয়াৰ বুলি স্পষ্টভাৱে লিখি থৈ গৈছে৷ উল্লেখ্য যে কেইবছৰমানৰ পূর্বেও বঢ়হমপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত পুৰণিগুদাম গাঁও পঞ্চায়তৰ জি.আৰ.এছ. প্রণৱ বৰুৱা নামৰ যুৱক এজনে কৰা আত্মহত্যাৰ পূর্বে লিখি থৈ যোৱা টোকাতো অভিযোগৰ আঙুলি উঠাইছিল অভিযুক্ত কংগ্রেছী নেতা কুতুবুদ্দিন বখতিয়াৰৰ বিৰুদ্ধে৷ ইফালে, মৰণোত্তৰ পৰীক্ষাৰ অন্তত যুৱকজনৰ মৃতদেহ মঙলবাৰে বিয়লি ন’–আলিমূৰৰ ঘৰলৈ অনাৰ পিছত উত্তেজিত ৰাইজে অভিযুক্ত বখতিয়াৰৰ বাসগৃহৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথত মৃতদেহসহ অৱস্থান কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত পথৰ দুয়োদিশে কেইবাঘণ্টা ধৰি তীব্র যান–জঁটৰ সৃষ্টি হয়৷ প্রতিবাদী ৰাইজে দোষীক ফাঁচিৰ দাবীত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে পুৰণিগুদাম আৰক্ষীৰ বিৰুদ্ধেও উত্থাপন কৰিছে গুৰুতৰ অভিযোগ৷ যদি আৰক্ষীৰ জিম্মাত যুৱকজন আছিল, তেতিয়াহ’লে কিদৰে যুৱকজনৰ মৃত্যু হ’বলৈ পালে তাক লৈ আৰক্ষীৰ ওপৰতো সন্দেহ প্রকাশ কৰিছে স্থানীয় ৰাইজে৷ স্থানীয় ৰাইজে এই ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীক ফাঁচি প্রদান কৰিবলৈ প্রশাসনৰ ওচৰত দাবী জনায়৷ ক্ষুব্ধ একাংশ প্রতিবাদকাৰীয়ে আনকি অভিযুক্ত কুতুবুদ্দিন বখতিয়াৰ বাসগৃহৰ দুৱাৰমুখতে মৃতদেহৰ জানাজা সম্পন্ন কৰাৰো চেষ্টা কৰিছিল যদিও উপস্থিত আৰক্ষীৰ লোকে বাধা আৰোপ কৰা দেখা যায়৷ অৱশ্যে প্রতিবাদথলীত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ লগতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াগৰাকী আৰু চামগুৰি সংলগ্ণ ৰাজহ চক্র বিষয়াগৰাকী উপস্থিত হৈ দোষীয়ে উচিত শাস্তি পাবলৈ যাৱতীয় আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ৰাইজক আশ্বাস প্রদান কৰি সমগ্র পৰিস্থিতি নিয়ন্ত্রণ কৰা দেখা যায়৷

You might also like