নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেঙেৰীত বাসগৃহ দোকানত তাণ্ডৱ বন্যহস্তীৰ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ দেশজুৰি অব্যাহত থকা লকডাউনৰ মাজতে বনৰীয়া হাতীয়ে পেঙেৰীত তাণ্ডৱ চলাই দুখন দোকানসহ কেইবাটাও বাসগৃহ ভাঙি ক্ষতিগ্রস্ত কৰে৷ মঙলবাৰে পুৱা মার্ঘেৰিটা মহকুমাৰ অন্তর্গত পেঙেৰী চাৰিআলিস্থিত শৈলেশ নায়ক নামৰ ব্যৱসায়ীজনৰ গেলামালৰ দোকান গৃহটো ভাঙি কেইবাবস্তা চাউল খোৱাৰ লগতে বহু সামগ্রী নষ্ট কৰে৷ বন্যহস্তীৰ জাকটোৱে শৈলেশ নায়কৰ দোকানৰ কাষতে থকা সুমিত দাস নামৰ লোকজনৰ পাণ দোকানখনো ভাঙি পেলোৱাৰ লগতে দোকানখনৰ ফ্রীজ আদি ভাঙি পেলায়৷ হাতীৰ জাকটোৱে দোকানকেইখনৰ কাষতে থকা বিজু ফুকন আৰু গংগা পাণিকা নামৰ লোককেইজনৰ বাসগৃহসমূহ ভাঙি দিয়াৰ উপৰি বাৰীৰ গছ–গছনিসমূহৰো অনিষ্ট কৰে৷

উল্লেখ্য যে তৰাণি, নলনি, ইনথেম, উলুপ আদি বনাঞ্চলত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে মেচিনেৰে গছ কটা আৰু ফলা কাম অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু ইয়াৰ বাবেই বন্য হাতীসমূহ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বুলি ধাৰণা কৰা হৈছে৷ ইয়াৰ মাজতে খাটাং পানী বনাঞ্চলিক বিষয়া হীৰেন মেদকৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে বুঢ়ীদিহিং আৰু তৰাণি বনাঞ্চলৰ পৰা দুখন বাইকসহ গছ কটা আৰু ফলা কামত ব্যৱহূত দুটাকৈ যন্ত্র জব্দ কৰিবলৈ সক্ষম হয়৷

You might also like