নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী ষ্ট্রীট ভেণ্ডর্ছ আত্মনির্ভৰ নিধিৰ অগ্রগতিৰ পর্যালোচনা বৈঠকত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক বৈঠকত প্রধানমন্ত্রী ষ্ট্রীট ভেণ্ডর্ছ আত্মনির্ভৰ নিধি পর্যালোচনা কৰে৷ বৈঠকত মুখ্যমন্ত্রীয়ে ৰূপায়ণকাৰী কর্তৃপক্ষক হিতাধিকাৰীসকলক এই আঁচনিৰ ঋণ ক্ষিপ্রভাৱে প্রদানৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷

উল্লেখ্য যে প্রধানমন্ত্রী ষ্ট্রীট ভেণ্ডর্ছ আত্মনির্ভৰ নিধি আঁচনিখন হ’ল গৃহ আৰু নগৰ পৰিক্রমা মন্ত্রালয়ৰ দ্বাৰা আৰম্ভ কৰা মাইক্র’ক্রেডিট ফেচিলিটিৰ এখন বিশেষ পদক্ষেপ৷ এই পদক্ষেপৰ জৰিয়তে ক’ভিড–১৯ৰ ফলত ক্ষতিগ্রস্ত হোৱা পদপথৰ ব্যৱসায়ীসকললৈ তেওঁলোকৰ জীৱিকা সুচল কৰাৰ বাবে ঋণ প্রদানৰ ব্যৱস্থা লোৱা হৈছে৷ এই আঁচনিৰ অধীনত অসমত ৪০ হাজাৰখন আবেদন পত্র লাভ কৰা হৈছে৷ ইয়াৰে ২০ হাজাৰখন আবেদনৰ অনুমোদন জনোৱা হৈছে আৰু ১৭ হাজাৰৰো অধিক হিতাধিকাৰীলৈ ঋণৰ ধনৰাশি প্রদান কৰা হৈছে৷

বৈঠকত মুখ্যমন্ত্রীয়ে বেংক কর্তৃপক্ষ আৰু নগৰীয়া স্থানীয় নিকায়ৰ কার্যবাহী বিষয়াসকলক পদপথৰ ব্যৱসায়ীসকললৈ ঋণ প্রদানৰ দিশত বিশেষ পদক্ষেপ লোৱাৰ বাবে নির্দেশ দিয়ে৷ বৈঠকত মুখ্যমন্ত্রীয়ে মুখ্য সচিব জিষ্ণু বৰুৱাক এই আঁচনিৰ অংশীদাৰীসকলৰ সৈতে ভার্চুৱেল বৈঠকৰ আয়োজন কৰাৰ বাবে নির্দেশ দিয়ে যাতে এই আঁচনিৰ লক্ষ্য নির্ধাৰিত হিতাধিকাৰীসকলে আঁচনিখনৰ দ্বাৰা উপকৃত হ’ব পাৰে৷ বৈঠকত বিত্ত মন্ত্রী অজন্তা নেওগ, জলসিঞ্চন মন্ত্রী অশোক সিংঘল, বেংক কর্তৃপক্ষ, নগৰীয়া স্থানীয় নিকায়ৰ কার্যবাহী বিষয়াসকলৰ লগতে জিলা উপায়ুক্তসকল উপস্থিত থাকে৷

You might also like