নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রস্তাৱিত ড০ ভূপেন হাজৰিকা কলাক্ষেত্রৰ প্রশাসনিক অনুমোদন

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ উত্তৰ–পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্রীমন্ত শংকৰ মিছনৰ ৭২সংখ্যক প্রতিষ্ঠা দিৱস শনিবাৰে শংকৰ মিছনৰ মুখ্য কার্যালয় নগাঁৱৰ লোকসেৱক হলধৰ ভূঞা সভাগৃহত আয়োজন কৰা হয়৷ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা ৭.৩০ বজাত মিছনৰ প্রাংগণত চাফাই অভিযানৰ মুকলি কৰে কার্যনির্বাহক সদস্য ইন্দ্রমোহন বৰাই৷ পুৱা ৯.৩০ বজাত স্মৃতি তর্পণ কৰে মিছনৰ উপ–সভাপতি মাধৱ শইকীয়াই৷ পুৱা ৯.৪৫ বজাত ৭২সংখ্যক প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে শ্রীমন্ত শংকৰ মিছনৰ বর্তমানৰ সভাপতি ডাঃ ধীৰেন বৰকাকতিয়ে৷ পুৱা দহ বজাত মিছন প্রাংগণত গছপুলি ৰোপণৰ কার্যসূচী মুকলি কৰে মিছনৰ যুটীয়া সম্পাদকদ্বয় কমল চন্দ্র শইকীয়া আৰু উপেন বৰাই৷ পুৱা ১০.৩০ বজাত মিছনৰ উপ–সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে উদ্বোধন কৰে শোভাযাত্রা৷ দিনৰ ১১.৩০ বজাত মিছনৰ সভাপতি ডাঃ ধীৰেন বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বর্ধনা অনুষ্ঠান৷ মুকলি সভা আৰু সম্বর্ধনা অনুষ্ঠানত অংশগ্রহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই শ্রীমন্ত শংকৰ মিছনে বিগত সময়ছোৱাত কৰি অহা সমাজসেৱামূলক কাম–কাজৰ প্রশংসা কৰে৷ তেওঁ কয় যে শংকৰ মিছনৰ গৰিমা সমগ্র উত্তৰ–পূব ভাৰততে বিৰাজমান৷ এই বর্ণিল ইতিহাসৰ সাক্ষী শ্রীমন্ত শংকৰ মিছনৰ পানীগাঁও ছয়আলিত থকা ভূমিত ড০ ভূপেন হাজৰিকা কলাক্ষেত্র নামেৰে অত্যাধুনিক প্রকল্প নির্মাণৰ বাবে প্রয়াস চলোৱা হৈছিল৷ প্রায় ২৩ কোটি টকাৰে নির্মাণ কৰিব লগা প্রস্তাৱিত ভূপেন হাজৰিকা কলাক্ষেত্র প্রকল্পটোৰ প্রশাসনিক অনুমোদন লাভ কৰা হৈছে বুলি বিধায়ক শর্মাই জানিবলৈ দিয়ে৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে অৱসৰপ্রাপ্ত অধ্যাপক শুণ শইকীয়া, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে৷ উত্তৰ–পূব ভাৰতৰে এক অগ্রণী সমাজসেৱাৰ অনুষ্ঠান শ্রীমন্ত শংকৰ মিছনৰ ৭২সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে তিনিগৰাকী বিশিষ্ট ব্যক্তি ক্রমে জনসংযোগ বিভাগৰ অৱসৰপ্রাপ্ত সঞ্চালক কবিন বৰা, জলসিঞ্চন বিভাগৰ অৱসৰপ্রাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা গোপেশ্বৰ বৰা, পশু চিকিৎসা বিভাগৰ অৱসৰপ্রাপ্ত প্রকল্প বিষয়া ডাঃ লম্বোদৰ হাজৰিকাক একোখনকৈ ফুলাম গামোচা, চেলেং, জাপি আৰু মানপত্রৰে সম্বর্ধনা জনোৱা হয়৷

উল্লেখ্য যে প্রয়াত অচলাকান্ত ভূঞা আৰু প্রয়াত গিৰিজাবালা ভূঞা ন্যাসৰ দাতা যোগদাকান্ত ভূঞাই আগবঢ়োৱা ধনেৰে ২০২০ বর্ষত বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত লেটাৰ মার্কসহ সুখ্যাতিৰে উত্তীর্ণ হোৱা চাৰিজন কৃতী ছাত্র–ছাত্রীক শ্রীমন্ত শংকৰ মিছনৰ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি একোখন মানপত্র–ফুলাম গামোচা আৰু নগদ ধনসহ এক জলপানি প্রদান কৰা হয়৷ এই জলপানি লাভ কৰা ছাত্র–ছাত্রীকেইজন ক্রমে– তালিবুল ইছলাম, চম্পক নাথ, কমল হাজৰিকা আৰু অনামিকা বৰদলৈ৷ মুকলি সভা আৰু সম্বর্ধনা অনুষ্ঠানৰ আঁত ধৰে শ্রীমন্ত শংকৰ মিছনৰ সাধাৰণ সম্পাদক বল্লদেৱ শর্মাই৷ বিয়লি ৩ বজাত অনুষ্ঠিত হয় এক সাংস্কৃতিক অনুষ্ঠান৷ সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মিছনৰ উপ–সভাপতি প্রহ্লাদ চন্দ্র ভূঞাই৷

সন্ধিয়া পাঁচ বজাত প্রতিষ্ঠা দিৱসৰ পতাকা অৱনমন আৰু মিছনৰ প্রাক্তন যুটীয়া সম্পাদক জিতেন শর্মা, কার্যনির্বাহক সদস্যদ্বয় উপেন চন্দ্র বৰা, খগেন চন্দ্র নাথে শুভাৰম্ভ কৰা ৭২ গচি বন্তি প্রজ্বলনেৰে দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত শ্রীমন্ত শংকৰ মিছনৰ ৭২সংখ্যক প্রতিষ্ঠা দিৱসৰ সফল সামৰণি পৰে৷ অনুষ্ঠানত মিছনৰ প্রাক্তন সভাপতি তৰুণ চন্দ্র বৰদলৈ আৰু জেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতিক আদৰণি জনোৱা হয়৷

You might also like